নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। উক্ত বৈঠকত ৰাজ্যৰ টুৰিজিম পলিচীক সুন্দৰভাৱে কাৰ্যকৰী কৰিবলৈ আছাম টুৰিজিম ডেভেলপমেন্ট এণ্ড ৰেজিট্ৰেশ্যন বিল ২০২৪ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হয়। আগন্তুক বিধানসভা অধিৱেশনত বলৱৎ হ’ব এই বিলখন ৷ আনহাতে পূৰ্বতে গ্ৰাম্য এতিয়া নগৰ অঞ্চল অন্তৰ্ভুক্ত হোৱা অঞ্চলসমূহত” জলজীৱন মিছন”ক “আৰবান ৱাটাৰ ছাপ্লাই বোৰ্ডলৈ” হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ ইফালে লালগণেশৰ পৰা গড়ভাঙালৈ ৩৭৬.১১ কোটিৰ ব্যয়েৰে উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উক্ত উৰণ সেতু কাইলৈ পুৱাই শিলান্যাস কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে মিচিং অট’নমাছ কাউন্সিলত সদস্যৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয় ৷ উক্ত কাউন্সিলৰ সদস্যৰ সংখ্যা ৪০ৰ পৰা ৪৫লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। মিচিং, ৰাভা হাচং, সোণোৱাল, ঠেঙাল কছাৰী, দেউৰী, তিৱা কাউন্সিল, ভিলেজ কাউন্সিল কনচেপ্টটো এতিয়াৰ পৰা Actৰ পৰা উঠাই দিয়াৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত ৷ আনহাতে ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী উপস্থিত হ’ব গুৱাহাটীত। সেই বিষয়েও আলোচনা কৰা হয় কেবিনেটত। মোদীয়ে ১১ হাজাৰ কোটিতকৈ অধিক টকাৰ নতুন প্ৰকল্পৰ কামৰ শিলান্যাস কৰিব অসমত।