নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত একতাৰ বাবে দৌৰ কার্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ ভাৰতৰত্ন লৌহমানৱ চর্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত একতাৰ বাবে দৌৰ কার্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ এই কার্যসূচীত শিক্ষার্থী, ক্রীডাবিদ, আশাকর্মী তথা স্বাস্থ্যকর্মী, অংগনৱাডী কর্মী, আৰক্ষী বিভাগৰ জোৱানৰ উপৰি যথেষ্ট সংখ্যক নাগৰিকে অংশগ্রহণ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই এই দৌৰত অংশগ্রহণকাৰীসকলক শপত বাক্যও পাঠ কৰোৱায়৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ভাৰতৰত্ন চর্দাৰ বল্লভভাই পেটেললৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে চর্দাৰ পেটেল আছিল এজন স্পষ্টবাদী, সততা সম্পন্ন আৰু প্রবল ব্যক্তিত্বসম্পন্ন আত্মবিশ্বাসী লোক৷ জটিল পৰিস্থিতিত তেখেতে উপযুক্ত সিদ্ধান্ত গ্রহণ কৰি সবল নেতৃত্ব প্রদান কৰিব পাৰিছিল৷ উল্লেখ্য যে ৰাষ্ট্রীয় একতাৰ হকে সমগ্র জীৱন ত্যাগৰ মানসিকতাৰে সেৱা আগববাই যোৱা মহান স্বাধীনতা সংগ্রামী, দেশৰ প্রথম উপ–প্রধানমন্ত্রী তথা প্রথম গৃহমন্ত্রী চর্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে সমগ্র দেশতে ৰাষ্ট্রীয় একতা দিৱস পালন কৰি অহা হৈছে৷ এই ৰাষ্ট্রীয় একতা দিৱস উদ্যাপনৰ সৈতে সংগতি ৰাখি অসমৰ ৩৫ খন জিলাৰ ৩৫০০ টা স্থানত আজি একতাৰ দৌৰ অনুষ্ঠিত কৰা হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাষ্ট্রৰ একতা, সমন্বয় আৰু দেশৰ নিৰাপত্তাৰ হকে চর্দাৰ বল্লভভাই পেটেলে যোগাই যোৱা বৰঙণিৰ দ্বাৰা নতুন প্রজন্মই যাতে দেশমাতৃক সেৱাৰ মানসিকতাৰে আগুৱাই লৈ যাব পাৰে সেই উদ্দেশ্যৰে ৰাষ্ট্রীয় একতা দিৱস সমগ্র দেশতে উদযাপন কৰি অহা হৈছে৷ মুখ্যমন্ত্রীয়ে এই উপলক্ষে চর্দাৰ পেটেলৰ আদর্শৰে উদ্বুদ্ধ হৈ অখণ্ড ভাৰতৰ ধাৰণাটোক সবল কৰাৰ দিশত অৰিহণা আগবঢ়াবলৈ ৰাজ্যৰ যুৱ সমাজক আহ্বান জনায়৷ চর্দাৰ বল্লভভাই পেটেলৰ বর্ণাঢ্য জীৱন পৰিক্রমা আলোকপাত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লৌহমানৱগৰাকীয়ে ১৯৪২ চনত ব্রিটিছ চৰকাৰৰ বিৰুদ্ধে সত্যাগ্রহত সবল নেতৃত্ব প্রদান কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বাবে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁক চর্দাৰ উপাধিৰে বিভূষিত কৰিছিল৷ তেওঁ মন্তব্য কৰে যে জটিল পৰিস্থিতিত উপযুক্ত সিদ্ধান্ত গ্রহণেৰে সবল নেতৃত্ব প্রদান কৰিব পৰাটো আছিল চর্দাৰ পেটেলৰ ব্যক্তিত্বৰ অন্যতম বৈশিষ্ট্য৷ ড০ শর্মাই লগতে কয় যে ভাৰতবর্ষৰ সকলো ৰাজ্যক এক শাসনৰ অধীনলৈ অনাৰ বাবে চর্দাৰ পেটেলে লোৱা ভূমিকাৰ বাবে লর্ড মাউণ্ট বেটেনেও আনকি তেওঁক ভূয়সী প্রশংসা কৰিছিল৷ অনুষ্ঠানত উপস্থিত থকা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও ভাষণ প্রদান কৰি এখন শক্তিশালী ভাৰত নির্মাণৰ দিশত চর্দাৰ পেটেলে লোৱা ভূমিকা স্মৰণ কৰি লৌহপুৰুষগৰাকীৰ আদর্শৰে অনুপ্রাণিত হৈ এক ভাৰত শ্রেষ্ঠ ভাৰত নির্মাণত অৰিহণা যোগাবলৈ সকলোকে আহ্বান জনায়৷ অনুষ্ঠানত মন্ত্রী ইউ জি ব্রহ্ম, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like