সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ মৃত্যুত মুখ্যমন্ত্ৰী শোকবাৰ্তা
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ মঙলবাৰে ৭৯ বছৰ বয়সত চিৰ বিদায় ল’লে অসমৰ বিশিষ্ট ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকে। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত গুৱাহাটীৰ হাতীগাঁৱৰ লখিমীনগৰৰ নিজ বাসগৃহত কালি নিশা শেষ নিশ্বাস ত্যাগ কৰে ড০ ৰমেশ পাঠকে।
বিশিষ্ট ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে লিখিছে, “বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ সাহিত্যাচাৰ্য ড° ৰমেশ পাঠকদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ।”
বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ সাহিত্যাচাৰ্য ড° ৰমেশ পাঠকদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ। pic.twitter.com/ReM7fmBABC
— Sarbananda Sonowal (@sarbanandsonwal) January 26, 2021