নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইকা-দধিয়া বনাঞ্চলৰ গাঁওবাসীৰ পুনৰ সংস্থাপনৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিধানসভাৰ সভাকক্ষত বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু লাইকা-দধিয়া বনাঞ্চলৰ গাঁওবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰে।
লাইকা-দধিয়াৰ পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে স্থায়ী সমাধান উলিয়াবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলেৰে এখন সমিতি গঠন কৰিছে। ২০২১ বৰ্ষৰ ৩১ জানুৱাৰীৰ ভিতৰত যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
এই সংক্ৰান্তীয় সকলো প্ৰক্ৰিয়া সঠিকভাৱে সম্পূৰ্ণ কৰাৰ লগতে পুনৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিৰে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।
বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয়  ৰণোজ পেগু,  বিনোদ হাজৰিকা উপস্থিত থাকে।
You might also like