নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অসমৰ সহযোগী ভাষাৰ মৰ্যাদা পালে বড়োৱে, সদনত গৃহীত বিধেয়ক

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিমটো দিনত গৃহীত হ’ল দ্য আসাম অফিচিয়েল লেংগুৱেজে (এমেণ্ডমেণ্ট) বিল, ২০২০ ৷ এই প্ৰক্ৰিয়াৰে আজিৰে পৰা অসমত বড়ো ভাষা সহযোগী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত হ’ল ৷

উল্লেখ্য যে বি টি আৰ চুক্তিমৰ্মে বড়ো ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়ে অসম বিধানসভাই ৷ এই সন্দৰ্ভত শাসক-বিৰোধী দুয়ো পক্ষই সহমত পোষণেৰে বড়ো ভাষাক অসমৰ সহযোগী ভাষা ৰূপে স্বীকৃতি দিয়াৰ পথ সহজ কৰি তোলে।

উল্লেখ্য ইয়াৰ পূৰ্বে অকল বিটিএডি অঞ্চলতহে বড়ো ভাষা সহযোগী ভাষা ৰূপে প্ৰচলিত আছিল।

You might also like