নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ OSD কুন্তল মণি শর্মা বৰদলৈ আইএএছলৈ মনোনীত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ যুটীয়া সঞ্চালক তথা সম্প্রতি মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপে কর্মৰত কুন্তল মণি শর্মা বৰদলৈ ভাৰতীয় প্রশাসনিক সেৱা (আইএএছ)লৈ মনোনীত হৈছে৷ কেন্দ্রীয় চৰকাৰৰ ৰাজহুৱা অভিযোগ–পেন্সন–কর্ম্ আৰু প্রশিক্ষণ মন্ত্রালয়ৰ নির্দেশনামর্মে এই সন্দর্ভত ৰাজ্য চৰকাৰৰ কর্মচাৰী বিভাগে আনুষ্ঠানিক জাননী জাৰি কৰে৷ জাননীখনত উল্লেখ কৰামর্মে কুন্তল মণি শর্মা বৰদলৈ ২০২৩ চনৰ ‘ছিলেক্ট লিষ্ট’ৰ আইএএছ বিষয়া হ’ব৷ লগতে তেওঁক অসম–মেঘালয় কেডাৰৰ যুটীয়া আইএএছ বিষয়া হিচাপে মনোনীত কৰা হৈছে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ ৰাজহুৱা বিভাগ–পেন্সন–কর্ম বিভাগৰ অবৰ সচিব সঞ্জয় কুমাৰ চৌৰাছিয়া স্বাক্ষৰিত ১৪০১৫/০৩/২০০৪ এআইএছ (আই)–বি নম্বৰৰ নির্দেশনা ইতিমধ্যে প্রকাশ কৰা হৈছে আনুষ্ঠানিকভাৱে৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ কর্মচাৰী বিভাগেও উক্ত জাননী জাৰি কৰে৷

You might also like