নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰ টাউন কলেজ-টাউন জ্যেষ্ঠ মাধ্যমিকৰ ৰূপালী জয়ন্তী আৰম্ভ

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত আৰম্ভ হল চিলাপথাৰ টাউন কলেজ আৰু চিলাপথাৰ টাউন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী‌ সমাৰোহ।‌ নাকৰ ‘বি ++’ গ্ৰেড প্ৰাপ্ত বৃহত্তৰ অঞ্চলটোত মানৱ সম্পদ গড় দি অহা শিক্ষানুষ্ঠান দুখনৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰথম দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা বৃক্ষৰ পুলি ৰোপণ কৰি শুভাৰম্ভ কৰে দুয়োখন শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি ক্ৰমে তুলেশ্বৰ গগৈ আৰু দীনেশ দলেয়ে। ৰূপালী জয়ন্তীৰ মূল‌ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি বিধায়ক ভূৱন পেগু আৰু অধ্যক্ষদ্বয় ড৹ দিব্য দলে আৰু ইন্দ্ৰেশ্বৰ দলেয়ে। ইয়াৰ পিছত ২৪ খনকৈ পতাকাৰ উত্তোলন কৰে অঞ্চলটোৰ ২৪গৰাকী বিশিষ্ট শিক্ষাবিদ,বৰেণ্য ব্যক্তি আৰু সমাজকৰ্মীয়ে। মূল পতাকা উত্তোলন কৰি আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক ভূবন পেগুয়ে কয় কলেজ দুখন প্ৰতিষ্ঠাত বিশেষ বৰঙনি আগবঢ়াই যোৱা ব্যক্তি সকলক কৃতজ্ঞতা জনাই সুন্দৰ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাত আগভাগ লোৱা শিক্ষক,কৰ্মচাৰী আৰু বিদ্যাৰ্থী সকলক ধন্যবাদ জনাই ভৱিষ্যতে শিক্ষানুষ্ঠান দূখনৰ বাবে যৎপৰোনাস্তি কৰি যাব বুলি কয়। ইয়াৰ পিছতে চিলাপথাৰ টাউন কলেজ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি নন্দেশ্বৰ কাছাৰী আৰু তুলেশ্বৰ গগৈয়ে শ্বহীদ তৰ্পণ কৰে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ পিছতে কলেজৰ প্রতিষ্ঠাপক সভাপতি প্ৰয়াত শংখনাথ দলেৰ প্ৰতিমূৰ্তি উন্মোচন কৰে বিশিষ্ট ব্যক্তি মাখন কামান কুলিয়ে আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ ড৹ শিৱনাথ পেগুৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ভীষ্মকান্ত মিলিয়ে। দুপৰীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে উদ্বোধন কৰা মঞ্চত শিক্ষানুষ্ঠানৰ ভূমি দাতাৰ লগতে মহাবিদ্যালয়ৰ উত্তৰনত ত্যাগ স্বীকাৰ কৰা অঞ্চলটোৰ বহু বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। উদীয়মান লেখিকা সৃষ্টিৰাণী টাইদে উদ্ধোধন কৰা আৰু ড৹ শিৱনাথ পেগুয়ে সঞ্চালনা কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহত উপস্থিত থাকে বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী। একালত অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ এই মাহেন্দ্ৰ ক্ষণত সহপাঠী সকলক সাক্ষাৎ পাই আবেগিক হৈ পৰিল বহু প্ৰাক্তন বিদ্যাৰ্থী। বিয়লি প্রতিষ্ঠাপক অধ্যক্ষৰ সঞ্চলানতে অনুষ্ঠিত হ’ল ” সফল জীৱনৰ বাবে সহজাত শক্তিক আৱিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা ” আৰু নতুন শিক্ষা নীতি -২০২৩ প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা” শীৰ্ষক দুখন মনোজ্ঞ আলোচনা চক্ৰ। অধ্যাপক যোগানন্দ গগৈয়ে আঁতধৰা অনুষ্ঠানত আলোচকক সৰ্বধনা জনালে কলেজৰ অধ্যক্ষ তথা আদৰণী সমিতিৰ যুটীয়া সম্পদক ইন্দ্ৰেশ্বৰ পেগুৱে। আলোচনাত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয় জীৱন মানেই সংঘাত আৰু প্ৰত্যাহ্বান বুলি মন্তব্য কৰি প্ৰথম মহিলা পৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ উদাহৰণ দাঙি ধৰি একাগ্ৰতা, নিষ্ঠা,আত্মবিশ্বাস থাকিলে প্ৰত্যেকেই জীৱনত সফলতা অৰ্জন কৰিব পাৰি বুলি উল্লেখ কৰি সকলোকে বাচেন্দ্ৰী পালৰ আদৰ্শ অনুকৰণ কৰি জীৱনৰ বাটত আগুৱাই যাবলৈ আহ্বান জনায়। আলোচনাচক্ৰত উপস্থিত থাকি মূৰ্কংচেলেক কলেজৰ অধ্যক্ষ ড৹ দীপক পেগু,মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ টায়ে,সমাজকৰ্মী ক্ষীৰোদ ভূঞা, ভদ্ৰনাথ পেগুয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়। সন্ধিয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য কনক দলেই উদ্বোধন কৰা সংস্কৃতিক মঞ্চত স্বনামধন্য শিল্পী তৰাৱতি বৰি মিলিৰ লগতে শৈতন্য চান গগৈ,নৱ নৰেশ পেগু, খগেন পেগু, অতুল টায়ে, চয়নিকা জীমে আৰু দেৱ পেগুৱে অনুষ্ঠান পৰিবেশন কৰে। অন্তিম দিনটোত চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগুয়ে উদ্ধোধন কৰিব সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পিছতে বিধায়ক ভূৱন পেগুৰ সভাপতিত্বত আৰু সাংসদ প্ৰদান বৰুৱাই উদ্বোধন কৰিব লগা মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মূৰ্কংচেলেক কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগুয়ে। অনুষ্ঠানত শিক্ষা মন্ত্ৰী ড :ৰনোজ পেগু মুখ্য অতিথি,প্ৰাক্তন বিধায়ক ফণিৰাম টায়েং,ড৹ দেবীৰাম পেগু,ড৹ বুদ্ধিন্দ্ৰ বৰুৱা,ভূপেন্দ্ৰ নাথ পেগু,ভৱকান্ত দলে,নন্দেশ্বৰ কছাৰী, চাৰু চন্দ্ৰ দলে, নৰেন কুটুম, ড৹ লক্ষী নাথ পেগু, ড৹ ৰঞ্জিত শইকীয়া, ড৹শচীন দলে, কবিতা ডেকা, ৰৌজ কুমাৰ কুটুম, টিপেশ্বৰ গগৈ আদি বহু বিশিষ্ট লোক অতিথি হিচাপে উপস্থিত থাকিব। অন্তিম দিনটোৰ সাংস্কৃতিক সন্ধিয়াৰ শিল্পী হিচাপে অংশগ্ৰহণ কৰিব জনপ্ৰিয় শিল্পী পাপৰি গগৈ, দুৰ্লভী দলে আৰু লিবং দি বেণ্ড পাৰ্টীৰ সদস্য সকল।

প্ৰেৰক কৰবী দলে

You might also like