নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰ নমুনা : হাবি-জংঘলে আবৰিছে বালাগাঁৱৰ অৰ্ধনিৰ্মিত চিলাৰায় ভৱন

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : সুদীৰ্ঘ পোন্ধৰ বছৰে হাৱি-জংঘলেৰে আৱৰি আছে বালাগাঁও (টুলুপাৰা)ত অৰ্ধনিৰ্মিত চিলাৰায় ভৱনৰ চৌহদ। আজিৰ পৰা পোন্ধৰ/ষোল্ল বছৰ আগতে একাংশ সামাজিক দায়বদ্ধ-জাতীয় প্ৰেমী লোকৰ তৎপৰতাত তদানীন্তন বিটিচিৰ শাসনাধীস্থিত হাগ্ৰামা মহিলাৰীয়ে ডি আৰ ডি এৰ পৰা পাঁচ লাখ টকাৰ অনুদান দিয়ে । ১৮ শতাংশ নিমানুসৰি কাটি লোৱাত ৩.১৫ লাখ টকাৰে ভৱনৰ ফাউণ্ডেচনৰ কামখিনি কৰা হয় । গাঁৱৰে বিশিষ্ট সমাজ কৰ্মী, সৰবৰাহী ব্যক্তি ৰত্নেশ্বৰ ৰায় আৰু মহাদেৱ ৰায়ক ভৱনটি নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰে জড়িত ব্যক্তি সকলে। ত্ৰিশ লাখ টকাৰ বাজেট ধাৰ্য কৰি ভৱনটি নিৰ্মাণৰ ফাউণ্ডেচন কৰা হয়। বিভিন্ন ফাণ্ডৰ পৰা পোৱা ধনেৰে ভৱনৰ আধৰুৱা কামখিনি কৰাৰ প্ৰচেষ্টা চলাইছিল ভৱনটি নিৰ্মাণৰ ক্ষেত্ৰত উদ্যোগ লোৱা সামাজিক দায়িত্বশীল তেতিয়াৰ যুৱক সকল। কিন্তু আশা কৰা ধৰণে অন্য বিভাগৰ পৰা ধন নাপালে। সময়ৰ সোঁতত সামাজিক ভাৱে উচ্ছাস-উদ্দীপনা থকা যুৱক সকল বয়স বাঢ়ি অহাৰ লগতে সংসাৰৰ নানা জ্বালা-যন্ত্ৰণা, সমস্যাত সোমাই পৰিল। লাহে লাহে পাহৰণিৰ গৰ্ভত লীন যাবলৈ ধৰিলে। নতুন উঠি অহা প্ৰজন্মইও ভৱনটি সম্পূৰ্ণ কৰাত আগভাগ লোৱা পৰিলক্ষিত ন’হল। এই বুলি দুখেৰে ব্যক্ত কৰে ভৱনটি নিৰ্মাণৰ আগভাগ লোৱা, পৰিকল্পনা কৰা বৰ্তমান হাৰ্টৰ বেমাৰত আক্ৰান্ত হৈ থকা এসময়ৰ জাতিৰ কাৰণে, অঞ্চলৰ কাৰণে সদা সচেতন, ৰিক্স লোৱা সকলোৰে পৰিচিত অফিচ ওৰফে উপেন ৰায় আৰু সদৌ কোঁচ ৰাজবংশী ছাত্র সন্থা(আক্ৰাছু)ৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত অভিৰাম ৰায়ে। চিলাৰায় ভৱনৰ নামত মাটি খিনি দিবলৈও স্বগোষ্ঠীৰ একাংশ লোকে আপত্তি কৰিছিল যদিও অধিকাংশ লোকে হোৱাটো বিচাৰিছিল। যাৰ বাবে প্ৰায় এক বিঘা আৱৰি থকা মাটিত ভৱনটিৰ ফাউণ্ডেচন কৰিবলৈ সক্ষম হোৱাৰ কথাও তেওঁলোকে ব্যক্ত কৰে। এদিন নিশ্চয় কাৰোবাৰ নেতৃত্বত ভৱনটি সম্পূৰ্ণ হৈ ঠন ধৰি উঠিব। এই আশা প্ৰকাশ কৰে জড়িত কালৰ ব্যক্তি উপেন ৰায়, অভিৰাম ৰায়ৰ লগতে মনোজ কুমাৰ ৰায়, নৱ কুমাৰ ৰায় আদিৰ উপৰি অঞ্চলৰ পৰিৱৰ্তন শীল লোকসকলে। স্থানীয় বি টি চি পৰিষদীয় সদস্য, বিধায়ক, সাংসদ, প্ৰতিষ্ঠিত ব্যৱসায়ীৰ উপৰি কমতাপুৰ অটোনমাছ কাউণ্সিলৰ বিষয়-ববীয়া সকল সহায়-সহযোগিতাৰে ভৱনটি সম্পূৰ্ণ কৰি ৰাইজৰ হিতাৰ্থে ব্যৱহাৰ উপযোগী কৰি তুলিব বুলি আশা ব্যক্ত কৰে অঞ্চল বাসীয়ে।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like