নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত চিকিৎসকে মৃত ঘোষণা কৰা শিশু জী উঠিল শ্মশানত

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ ডিব্ৰুগড়ৰ মটক চাহ বাগিচাত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা। চিকিৎসকে মৃত বুলি ঘোষণা কৰা এটি শিশুক অন্ত্যেষ্টিক্ৰিয়ালৈ নিয়া অৱস্থাত হাত-ভৰি জোকাৰি দিয়ে শিশুটিয়ে। লগে লগে স্থানীয় লোকে পুনৰ শিশুটিক চিকিৎসালয়লৈ লৈ যায়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে কেঁচুৱাটোক বচাব নোৱাৰিলে। ইয়াকে লৈ লাহোৱালৰ মটক চাহ বাগিচাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এতিয়াও স্থানীয় লোকে মানি ল’ব পৰা নাই চিকিৎসকৰ কথা। চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যুমুখত পৰিল বুলি অভিযোগ তুলিছে স্থানীয় লোকে।

স্থানীয় লোকৰ প্ৰশ্ন- প্ৰথমাৱস্থাত চিকিৎসকে কেঁচুৱাটো ভালদৰে চিকিৎসা নকৰি মৃত বুলি ঘোষণা কৰিছিল কিয়। যদি প্ৰথমাৱস্থাতে চিকিৎসা কৰিলেহেঁতেন তেন্তে এনে ঘটনা সংঘটিত নহ’লহেঁতেন। এতিয়া কেঁচুৱাৰ মৃত্যুৰ ক্ষতিপূৰণ দাবী কৰিছে অঞ্চলবাসীয়ে।

You might also like