নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীত ডুবি মৃত্যু ঘটা শিশুৰ পিতৃক প্রহাৰ চিকিৎসকৰ

নিয়মীয়া বাৰ্তা ৯ জুনঃ ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত এটি মৃত শিশুৰ অভিভাৱকক চিকিৎসকে প্রহাৰ কৰা ঘটনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, দক্ষিণ শালমাৰাৰ ফলিমাৰী আৰক্ষী থানাৰ অন্তর্গত শালমাৰা দ্বিতীয় খণ্ডত সোমবাৰে দুপৰীয়া প্রায় ২ বজাত পানীত পৰি দুটি শিশুৰ মৃত্যু হয়৷ দুই সম্পর্কীয় ভাই–ভনী উম্মে চেলিম খাতুন আৰু জান্নাতুল খাতুন খেলি থাকোঁতেই পানীত পৰি যায়৷ দুর্ঘটনাত পতিত শিশু দুটিক ধুবুৰীৰ অসামৰিক চিকিৎসালয়লৈ অনাৰ পথতে তেওঁলোকৰ মৃত্যু হয়৷ পাছত চিকিৎসালয়ত শিশু দুটিৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লয় চিকিৎসকে৷ মৃত শিশু উম্মে চেলিম খাতুনৰ পিতৃ হাফিজুৰ ৰহমানে মৰণোত্তৰ পৰীক্ষা নকৰিবলৈ চিকিৎসকক অনুৰোধ জনায়৷ কিন্তু কন্যা সন্তানক হেৰুওৱা পিতৃগৰাকীৰ অনুৰোধ শুনাৰ সলনি চিকিৎসকে তেওঁৰ বুকুত অমানৱীয়ভাৱে প্রহাৰহে কৰে৷ এই ঘটনাই এতিয়া জিলাখনত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ইফালে, ফলিমাৰী দ্বিতীয় খণ্ডতো নদীত পৰি আলমিন মণ্ডল নামৰ ৮ বছৰীয়া আন এটি শিশুৰ মৃত্যু হয়৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷

You might also like