বিশেষ বার্তা, ৩ ডিচেম্বৰ : বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং জাকিৰৰ খানৰ মা ইটাভাতাৰ পুখুৰীত পতিত হৈ শিশু এটিৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কন্যা শিশুটি বয়স সাত-আঠ বছৰমান হব। নাম কবিতা বৰ্মন। ঘৰ লখিমপুৰত। পিতৃ সুকুমাৰ বর্মন সপৰিবাৰে ভাতাটোত শ্ৰমিক হিচাপে নিয়োজিত আছিল। ভাতাৰ মালিকে ইটা নিৰ্মাণৰ বাবে কোনো ধৰণৰ চৰকাৰী গাইড লাইন নামানি খনন কার্য চলাই পুখুৰী সদৃশ দ’-দ গাতৰ সৃষ্টি কৰিছে আৰু সেই পুখুৰীৰ পানীতে নিশা শিশুটি পতিত হৈ মৃত্যু হয়। আজি আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মাৰণোত্তৰ পৰীক্ষা কৰোৱাই পৰিয়ালক চমজি দিয়ে। পিতৃয়ে শিশুটিৰ নশ্বৰ দেহ লখিমপুৰৰ স্ব-গৃহলৈ লৈ যায়। কথা হল বিহালী বৰগাঙত ইটা ভাতা সমূহৰ সৃষ্ট পুখুৰী সদৃশ গাত বোৰত ইতিমধ্যে কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। কিন্তু প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এতিয়া বিহালীৰ একাংশ ইটাভাতাত অমিয়কে নিয়মত পৰিণত কৰি লৈছে যাৰ পৰিণতিত এটি অবুধ শিশুৱে অকালতে মৃত্যুক সাৱতি লব লগা হয়। এতিয়া প্ৰশাসনে ভাতাৰ মালিকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষ্যনীয় হব।
প্ৰেৰক অমিতাভ বৰুৱা