নিয়মীয়া বাৰ্তা, ৬জুনঃ আজি যোৰহাট পূব ৰাজহ চক্ৰৰ সভাগৃহত বাল্য বিবাহ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়।ৰাজহ চক্ৰটোৰ চক্ৰ বিষয়া দেৱাহুতি ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জিলাখনৰ কেইবাখনো আৰক্ষী চকীৰ বিষয়া,গাঁওপ্ৰধানসকলৰ উপস্থিতিত বাল্য বিবাহৰ ভয়াৱহতা সম্পৰ্কে আলোচনা কৰা হয়। বাল্য বিবাহ এক সামাজিক ব্যাধি। বাল্য বিবাহৰ ফলত বহুতো কিশোৰীৰ জীৱনলৈ কাল অমানিশা নামি অহাৰ লগতে কম বয়সতে মাতৃত্বৰ বোজা বহন কৰি মৃত্যুমুখত পৰিবলগীয়া হৈছে। এই বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰি চক্ৰ বিষয়াগৰাকীয়ে সকলোকে সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। সভাত নিমাতী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিয়াৰাম বেজবৰুৱা, চিনামৰা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁই, যোৰহাট থানাৰ উপ-পৰিদৰ্শক শ্যামলীমা গগৈ, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া চেনিৰাম টাইড, গড়মূৰ আৰক্ষী চকীৰ বিষয়া লোকনাথ বসুমতাৰী, যোৰহাট পূব ৰাজহ চক্ৰৰ মণ্ডল কানোনগো অতুল বৰাই উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
প্ৰেৰক নৱজ্যোতি তামুলী