নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিঙত বাল্য বিবাহত জড়িত ব্যক্তি পঞ্চায়তলৈ নিৰ্বাচিত

🔹 সভাপতি বাছনি প্ৰক্ৰিয়াৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

নিয়মীয়া বাৰ্তা, ২৯ জুন : ধিং সমষ্টিত বাল্য বিবাহ কৰোৱা ব্যক্তি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ধিং সমষ্টিৰ নিজ ধিং উন্নয়ন খণ্ডৰ হাতীমূৰীয়া গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ এইগৰাকী ৱাৰ্ড সদস্যৰ নাম ছফিকুল ইছলাম ।

পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচন আয়োগক ভুৱা তথ্য প্ৰদান কৰাৰ অভিযোগ এইগৰাকী ছফিকুল ইছলামৰ বিৰুদ্ধে। ২০১৪ চনত এগৰাকী ১৬ বছৰীয়া নাবালিকাক বিবাহ কৰাইছিল ছফিকুল ইছলামে। RTI-যোগে লাভ কৰা নথি-পত্ৰই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য ।

অকল বাল্য বিবাহেই নহয়, ছফিকুল ইছলামৰ শিক্ষাগৰ্ত অহৰ্তাও বহিঃৰাজ্যৰ। এদিনো বিদ্যালয়ৰ বাৰাণ্ডা গচকি নোপোৱা এইজনে বহিঃৰাজ্যৰ পৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ বক্ৰপথেৰে সংগ্ৰহ কৰা বুলিও চৰ্চিত হৈছে। ছফিকুল ইছলামৰ এই জালিয়াতি পোহৰলৈ অহাৰ পিছতে নগাঁও জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে হিফজুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিয়ে।

হাতীমূৰীয়া গাঁও পঞ্চায়তত সংঘটিত এই ঘটনা মাত্ৰ এটা উদাহৰণহে। নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন পঞ্চায়তত শিক্ষাগৰ্ত অহৰ্তাৰ ভুৱা প্ৰমাণ-পত্রৰে বহু পঞ্চায়তত একাংশ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

উল্লেখ্য যে ছফিকুল ইছলামৰ পত্নীৰ জন্মৰ তাৰিখ 24-9-1998 আৰু ছফিকুল ইছলামৰ জীয়ৰীৰ জন্মৰ তাৰিখ 9-12-2015। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে ছফিকুল ইছলামে ১৬ বছৰীয়া নাবালিকাক বিবাহ কৰাইছিল। তদুপৰি ছফিকুল ইছলামৰ শিক্ষাগত অহৰ্তাৰ প্ৰমাণ-পত্র দিল্লীৰ এখন অখ্যাত Open Schoolৰ। ছফিকুলৰ শিক্ষাগত অৰ্হতাৰ ওপৰতো সন্দেহ আছে স্থানীয় ৰাইজৰ।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like