🔹 ককা আৰু নাতি ল’ৰাৰ মেল
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : “ব্যতিক্ৰমী চিন্তাই নৱপ্ৰজন্মক ব্যতিক্ৰমী তথা এখন উন্নত সমাজ গঠনৰ বাবে প্ৰেৰণা যোগায়, নতুন চিন্তাৰ খোৰাক দিয়ে ৷ শিশুসকলে যদি সেই চিন্তাৰ খোৰাক যোগাব পৰা এক পৰিৱেশ পায় তেতিয়াহ’লে শিশুসকল মানুহ ৰূপে গঢ়ি উঠাত সহায়ক হয় ৷ এই প্ৰেৰণা তথা চিন্তাৰ খোৰাক চিনামৰা জাতীয় বিদ্যালয়ে ব্যস্তৱ অর্থতে দি আহিছে ৷ সেই তাহানি চোতালত ককা-আইতাই নাতিনীয়েকক সাধু কোৱাৰ যি পৰিৱেশ সেই পৰিৱেশ গঢ়ি তুলিছে চিনামৰা জাতীয় বিদ্যালয়ে ৷ আজি শিশু দিৱসৰ দিনটোত মোৰ জীৱনৰ অভিজ্ঞতাৰে শিশুসকলৰ লগত কথা পাতিবলৈ পাই মই আপ্লুত হৈছোঁ ৷”- এই মন্তব্য অৱসৰপ্ৰাপ্ত জিলা শিক্ষা বিষয়া তথা সমাজকর্মী দিলীপ কুমাৰ বৰদলৈৰ ৷ আজি শিশু দিৱস উপলক্ষে চিনামৰা জাতীয় বিদ্যালয়ত এক ব্যতিক্ৰমী প্ৰয়াসেৰে অনুষ্ঠিত হয় ‘ককা আৰু নাতি ল’ৰাৰ মেল’ ৷ অনুষ্ঠানত ককা হিচাপে উপস্থিত থাকে এনে এজন ব্যক্তি, যি জীৱনটো শিক্ষাৰ লগতেই জড়িত হৈ এতিয়া যোৰহাটৰ সমাজ-সংস্কৃতিৰ লগত সংপৃক্ত হৈ আছে ৷ তেওঁ হ’ল জাতীয় শিক্ষা আন্দোলনৰ অন্যতম ব্যক্তি দিলীপ কুমাৰ বৰদলৈ ৷ আজি ককা আৰু নাতি ল’ৰাৰ মেলত উপস্থিত থাকি তেওঁৰ জীৱনত লাভ কৰা নানা অভিজ্ঞতাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক অন্তৰংগ মুহূর্ত পাৰ কৰে ৷ আজিৰ শিশু দিৱসৰ আৰম্ভণিতে পুৱা ৮.৩০ বজাত জৱাহৰলাল নেহৰুৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড০ বিপিন খঙীয়াই ৷ অধ্যক্ষ তথা সঞ্চালক দিব্যজ্যোতি শর্মাই আদৰণী ভাষণ দিয়া অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে শৈক্ষিক অধ্যক্ষ অমৰজ্যোতি শর্মাই ৷ পুৱা ন বজাৰ পৰা অনুষ্ঠিত হোৱা ‘ককা আৰু নাতি ল’ৰাৰ মেল’ত ছাত্ৰ-ছাত্ৰীসকলে গীত-কবিতা, নৃত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটি উপভোগ্য কৰি তোলে ৷ অনুষ্ঠানত বিদ্যালয়ৰ বিভিন্ন পুৰস্কাৰ বিতৰণ কৰা হয় ৷ ইয়াৰ ভিতৰত গল্প লিখা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে ক্ৰমে সপ্তম শ্ৰেণীৰ দেৱব্ৰত বৰা, আর্ণিক গগৈ, সম্প্ৰীতি বৰুৱা আৰু মৌচুমী বৰাই৷ আনহাতে, বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা সংগ্ৰহ কৰি সর্বাধিক কিতাপ পঢ়া শিতানত প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুর্থ স্থান লাভ কৰে ক্ৰমে অষ্টম শ্ৰেণীৰ নাজমিন ৰহমান, অষ্টম শ্ৰেণীৰ উপাসনা কলিতা, সপ্তম শ্ৰেণীৰ সম্প্ৰীতি বৰুৱা আৰু অষ্টম শ্ৰেণীৰ তুলসী চাহুৱে ৷ ‘ককা আৰু নাতি ল’ৰাৰ মেল’ অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী উত্তৰা শইকীয়াই ৷
প্ৰেৰক নৱজ্যোতি তামুলী