নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : যোৰহাট নগৰৰ পাৰ্শ্বৱৰ্তী ১৩৩নং বঙাল পুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। পুৱা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰধান শিক্ষয়িত্ৰী দেৱাক্ষী শইকীয়াই আঁত ধৰা অনুষ্ঠানত লোক-সংস্কৃতিৰ সাধক যোগেন চন্দ্ৰ নেওগৰ দ্বাৰা ৰচিত ১৩৩নং বঙাল পুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শীৰ্ষ গীতটো উন্মোচন কৰা হয়। উন্মোচন কৰে মুখ্য অতিথি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ড° মনীষ ঠাকুৰে। তেওঁ বিদ্যালয়ৰ শীৰ্ষ সংগীতৰ প্ৰয়োজনীয়তাৰ কথা দোহৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বোধগম্য হোৱাকৈ সৰলভাৱে দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।ইতিমধ্যে বিদ্যালয়খনে শৈক্ষিক, মানসিক, বৌদ্ধিক বিকাশৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ তেওঁ শলাগ লয়। বিদ্যালয় পৰিয়াল আৰু যোৰহাট পূব ৰাজহ চক্ৰৰ চেকনিধৰা গাঁৱৰ গাঁওপ্ৰধান দিগন্ত বৰুৱাৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত সংগীতটোৰ ৰচক যোগেন চন্দ্ৰ নেওগক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচা আৰু স্মাৰকেৰে সন্মান জনায়। উল্লেখ্য যে দেৱাক্ষী শইকীয়াৰ “অকণিৰ সাঁথৰ” গ্ৰন্থখন থলীতে উন্মোচন কৰা হয়। সাহিত্যকৰ্মী দিগন্ত বৰুৱাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে ড° মনীষ ঠাকুৰে। কাৰ্যসূচী অনুসৰি শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত গীত-নৃত্যই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানটোত মণ্ডল সমন্বয়ক উপাসনা শইকীয়া, ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ এইটৰ মুখ্য সম্পাদক অমৰ বৰুৱা, সমাজকৰ্মী চফল কুমাৰ খাউণ্ড, শিক্ষক উজ্বলময় শইকীয়া, মমী হাজৰিকা, মৌচুমী চাংমাই, কাশ্মীৰী বুঢ়াগোহাঁই, বন্ধু বিদ্যালয় ৫৯৬নং চিনামৰা সদৰ প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, যোৰহাট জিলা উচ্চতৰ মাধ্যমিক অৱসৰপ্ৰাপ্ত শিক্ষক সন্থাৰ প্ৰতিনিধি উপস্থিত থাকে। ইফালে, বিদ্যালয় পৰিয়ালে বিগত বৰ্ষৰ দৰে এইবাৰো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ বাবে তেওঁলোকলৈ শৈক্ষিক সামগ্ৰী আগবঢ়ায়।
প্ৰেৰক নৱজ্যোতি তামুলী