নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকতা নেমুগুৰিত শিশু পুথিভঁৰাল মুকলি প্রত্যাশাৰ

🔹 ‘দিগভ্ৰান্তিত প্রাপ্তি ছাঁ’ উন্মোচন

বিশেষ বাৰ্তা, ২২ মে’ : শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিৰ ভকতগাঁও প্রাথমিক বিদ্যালয়ত প্রত্যাশাৰ উদ্যোগত আৰু এছ হেপীনেছ, ভকতগাঁও প্রাথমিক বিদ্যালয়ৰ সহযোগত ১৯ মে’ত শিশুৰ বাবে এটা পুথিভঁৰাল মুকলি কৰা হয়৷ উক্ত দিনা পুৱা ১০ বজাৰ পৰা মুকলি অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সমাজকর্মী পূর্ণানন্দ ঘৰফলীয়া, সমাজকর্মী, চিন্তাশীল ব্যক্তি উদিত বৰুৱা, ভূতত্ত্ববিদ ড০ বিজয় কৃষ্ণ চেতিয়া, অৱসৰপ্রাপ্ত শিক্ষয়িত্রী তিলেশ্বৰী ঘোঁৰাচোৱা দিহিঙীয়া, শিক্ষক মনোৰঞ্জন দিহিঙীয়া, পাটসাঁকো কনিষ্ঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মুকুল চেতিয়া, চেপন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্রাঞ্জল মহন বৰুৱা আৰু ভকতগাঁও প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক অমৰজিৎ গগৈ ৷ পুথিভঁৰাল মুকলি অনুষ্ঠানত বন্তি প্রজ্বলন কৰে বিদ্যালয়ৰ প্রধান শিক্ষক অমৰজিৎ গগৈয়ে৷ পুথিভঁৰাল মুকলি কৰে সমাজকর্মী পূর্ণানন্দ ঘৰফলীয়াই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্রত্যাশা আৰু এছ হেপীনেছৰ প্রতিষ্ঠাপক ‘নিয়মীয়া বার্তা’ৰ উপ–সম্পাদক প্রদীপ গগৈয়ে৷ সভাখনত সভাপতিত্ব কৰে সমাজকর্মী পূর্ণানন্দ ঘৰফলীয়াই৷ এই অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষয়িত্রী, কর্মী, শিক্ষার্থী, অভিভাৱকসকল৷ পুথিভঁৰালৰ বাবে গ্রন্থ আৰু আনুষংগিক সামগ্রী প্রদান কৰি সহায়–সহযোগ কৰে ক্রমে পল্লৱ গগৈ, যোগেন গগৈ, ধ্রুৱজিৎ গগৈ, জুৰি ভট্টাচার্য, পার্থ গগৈ, নিশা ভূঞা, ড০ সুৰেশ ৰাজকোঁৱৰ, অভিজিৎ বৰুৱাই৷ এই অনুষ্ঠানতেই প্রত্যাশাৰ সদস্য নাজবিন চুলতানাৰ ‘দিগভ্ৰান্তিত প্রাপ্তি ছাঁ’ গ্রন্থখন উন্মোচন কৰা হয়৷ গ্রন্থখন উন্মোচন কৰে প্রদীপ গগৈ, মুকুল চেতিয়া, প্রাঞ্জল মহন বৰুৱাকে আদি কৰি উপস্থিত অতিথিসকলে৷ গ্রন্থখন উন্মোচন কৰি মুকুল চেতিয়াই গ্রন্থখনৰ বিষয়ে আলোকপাত কৰে৷ নাজবিন চুলতানাৰ উজ্জ্বল ভৱিষৎ কামনা কৰি ভৱিষ্যতেও যেন সাহিত্য সৃষ্টিত অৰিহণা যোগাই তাৰ কামনা কৰে৷ অনুষ্ঠানত গ্রন্থখনৰ প্রকাশক নুৰ ইছলাম ক্কাদৰীক নাজবিন চুলতানাই সম্বর্ধনা জ্ঞাপন কৰে৷ এই দুয়োটা অনুষ্ঠান সুকলমে চলাই নিয়াত প্রত্যাশা পৰিয়ালৰ সদস্য ক্রমে গৌৰৱজ্যোতি ঘৰফলীয়া, পৰমেশ গগৈ, চাণক্য বৰুৱা, তনয়া ঘৰফলীয়া, বিদিশা দিহিঙীয়া, নাজবিন চুলতানা, লাকী দিহিঙীয়া, জাহ্ণৱী বৰুৱা, কৃষ্ণা ঘৰফলীয়া, দেৱাহুতি গগৈ, স্নেহা দিহিঙীয়া, জিণ্টু ফুকন, পার্থ গগৈ, কল্পজ্যোতি দিহিঙীয়া, অসীম ঘৰফলীয়া (বাবু), ডনিপল ঘৰফলীয়াই সহায়–সহযোগ কৰে৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গৌৰৱজ্যোতি ঘৰফলীয়াই৷

You might also like