বিশেষ বাৰ্তা, ১৪ জুনঃ দক্ষিন যোৰহাট অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চিনামৰা মহাবিদ্যালয়ত আজি শীতলীকৃত খোৱাপানীৰ ব্যৱস্থাৰ উন্মোচন কৰা হয় । যোৰহাটৰ পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত অমৃত ধাৰাৰ প্ৰকল্পৰ অন্তৰ্গত স্থাপন কৰা এই শীতলীকৃত খোৱা পানীৰ ব্যৱস্থাটো ফিটা কাটি উন্মোচন কৰে বিশিষ্ট উদ্যোগপতি তথা সমাজকৰ্মী মাখন গট্টানীয়ে। শীতলীকৃত এই খোৱাপানীৰ প্ৰকল্পটো মুকলি কৰি বিশিষ্ট উদ্যোগপতিজনে কয়- ব্যৱসায় কৰাৰ লগতে ৰাইজকো সহায় কৰিব লাগে। তেনে কৰিলে ৰাইজৰ লগতে সমাজতো উন্নতি হয়। আনহাতে, এই শীতলীকৃত খোৱা পানীৰ ব্যৱস্থাটোৱে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলকো উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই উপলক্ষ্যে মহাবিদ্যালয়ৰ সভাকক্ষত প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাৰ আদৰণি বক্তব্য প্ৰদান কৰে অধ্যক্ষ ড° অঞ্জন শইকীয়াই। পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ আদৰ্শ কেডিয়াই আঁত ধৰা সভাখনত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰীৰ লগতে পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ যোৰহাট শাখাৰ সভাপতি নিতেশ লাখ’টীয়া, যুটীয়া সম্পাদক গৌৰৱ তিৱাৰী, অমৃত ধাৰা প্ৰকল্প সমন্বয়ক বান্টী ট’টালা, লক্ষ্মীকান্ত ভূঞা, নীৰজ আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাতেই শীতলীকৃত খোৱা পানীৰ ব্যৱস্থাটো স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা অভিভাৱক বিজিত কলিতাৰ লগতে পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ যোৰহাট শাখাৰ ২২ জন সদস্যক সম্বৰ্ধনা জনোৱা হয়। পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ যোৰহাট শাখাৰ এনে বদান্যতাক শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত সকলোৱে শলাগ লৈছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া