নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত পিষ্টল লৈ সন্ত্ৰাস চিলনী চোৰৰ

🔹 হেঙেৰাবাৰী–চচলত সংঘটিত পৃথক ঘটনাত আতংকিত মহানাগৰিক

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ নৱেম্বৰ : চিলনী চোৰৰ সন্ত্রাসত কঁপিছে গুৱাহাটী মহানগৰী৷ আৰক্ষী নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিছতো চকুৰ পচাৰতে অচিনাক্ত দুর্বৃত্তই মূল্যৱান গহনা–গাঁথৰি লৈ পলায়ন কৰাটো এতিয়া যেন গুৱাহাটীৰ বাবে এটা সাধাৰণ ঘটনাত পৰিণত হৈছে৷ সন্ধিয়া হওক বা দিনেই হওক, গহনা পিন্ধি ৰাজপথলৈ ওলোৱাটো এতিয়া একপ্রকাৰ আতংকৰ কাৰণ হৈ পৰিছে মহানগৰীৰ মহিলাসকলৰ বাবে৷ উল্লেখ্য যে সোণৰ চেইন অথবা ম’বাইল হাতৰ পৰা কাঢ়ি নিয়াটো বর্তমান সময়ত সাধাৰণ ঘটনা যদিও শেহতীয়াকৈ চিলনী চোৰৰ হাতত পিষ্টল অহাটোহে বর্তমান সময়ত অধিক চিন্তনীয় বিষয় হৈ পৰিছে৷ আজি মহানগৰীৰ হেঙেৰাবাৰী অঞ্চলত অচিনাক্ত দুর্বৃত্তই দুগৰাকীকৈ মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি লৈ উধাও হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৰুত্বপূর্ণ কথাটো এয়ে যে মাত্র ২০ মিনিটৰ ব্যৱধানত হেঙেৰাবাৰী ফৰেষ্টগেট আৰু ভিআইপি পথৰ চচলত সংঘটিত হয় দুয়োটা ঘটনা৷ বাইকত হেলমেট পৰিধান কৰি অহা দুই দুর্বৃত্তই আজি পুৱা প্রায় ৭ বজাত প্রথমতে চচলত এগৰাকী মহিলাৰ ডিঙিৰ চেইন থপিয়াই নিবলৈ চেষ্টা কৰে৷ উল্লেখ্য যে ভিআইপি পথত প্রাতঃভ্রমণ কৰি আছিল মহিলাগৰাকীয়ে৷ ছয়মাইলৰ দিশৰ পৰা মটৰ চাইকেলত অহা দুই দুর্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ চেইন থপিয়াবলৈ চেষ্টা কৰে যদিও মহিলাগৰাকীৰ প্রত্যুৎপন্নমতিতাৰ বাবেই চেইনডাল কাঢ়ি নিয়াত ব্যর্থ হয়৷ ঘটনাটোত হতভম্ব হৈ পৰা মহিলাগৰাকীয়ে চিঞৰ–বাখৰ লগোৱাত একাংশ লোক ঘটনাস্থলীলৈ দৌৰি আহে যদিও বাইকত অহা দুই দুর্বৃত্তই তীব্র বেগেৰে তাৰ পৰা পলায়ন কৰে৷ কাকতলীয়ভাৱে প্রায় ২০ মিনিট পিছতেই তদনুৰূপ ঘটনা সংঘটিত হ’ল হেঙেৰাবাৰীৰ ফৰেষ্টগেটৰ সমীপৰ নামঘৰ পথত৷ নিজৰ কণমানি সন্তানক স্কুল বাছত উঠাই দিবলৈ বুলি মূল পথলৈ ওলাই আহিছিল এগৰাকী মহিলা ৷ সন্তানক স্কুল বাছত উঠাই নামঘৰ পথ অভিমুখে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা হেলমেট পৰিহিত দুই দুর্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ চেইনডাল কাঢ়িবলৈ চেষ্টা কৰে৷ হতভম্ব মহিলাগৰাকীয়ে চিঞৰ-বাখৰ লগায় যদিও বাইকখনৰ পিছৰ আসনত বহি থকা হেলমেট পৰিহিত দুর্বৃত্তজনে পিষ্টল দেখুৱাই ভীতি প্রদর্শন কৰে মহিলাগৰাকীক৷ হাতত পিষ্টল দেখি একপ্রকাৰ স্তব্ধ হৈ পৰা মহিলাগৰাকীয়ে সোণৰ চেইনডাল লৈ যাবলৈ দিয়ে দুর্বৃত্তক৷ তাৰ পিছতেই দুই দুর্বৃত্তই তীব্র বেগেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইপিনে, মহিলাগৰাকীৰ সৈতে হোৱা এই ঘটনা প্রত্যক্ষ কৰি একাংশ লোক ওচৰ চাপি আহে যদিও দুর্বৃত্তদ্বয়ক কোনোৱে কৰায়ত্ত কৰিব নোৱাৰিলে৷ ঘটনাটো সন্দর্ভত মহিলাগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে৷ একাংশ ড্রাগছ আসক্ত যুৱকে এনেদৰে দিন-দুপৰতে ডকাইতি কার্যত জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ লক্ষণীয় যে হেঙেৰাবাৰীৰ ফৰেষ্টগেটৰ সমীপতে আছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়৷ এক অর্থত ক’বলৈ হ’লে হাই ছিকিউৰিটী জ’ন বুলি ক’লেও হয়তো অত্যুক্তি কৰা নহ’ব৷ কিন্তু মহানগৰ আৰক্ষীৰ তথাকথিত হাই ছিকিউৰিটী জ’নক অংগুষ্ঠ প্রদর্শন কৰি দিন-দুপৰতে ডিঙিৰ চেইন কাঢ়ি উধাও হ’ল দুর্বৃত্ত৷ অথচ এতিয়ালৈকে মহানগৰীৰ স্মার্ট আৰক্ষীয়ে দুর্বৃত্তৰ সন্ধানকে উলিয়াব নোৱাৰিলে৷ লক্ষণীয় যে চলিত বর্ষৰ আগষ্ট মাহলৈকে মহানগৰীত ১৫৭টা চুৰি কাণ্ড সংঘটিত হৈছে৷ যোৱা দুটা মাহত মহানগৰীৰ বিভিন্ন প্রান্তত ২০টাতকৈ অধিক চেইন, ম’বাইল টনা ঘটনা সংঘটিত হৈছে৷ অৱশ্যে এই অধিকাংশ অপৰাধ ড্রাগছ আসক্ত যুৱকেই সংঘটিত কৰা বুলি আৰক্ষী নিশ্চিত হৈছে।

You might also like