নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ ধুবুৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। আজিৰ এই চুৰিকাণ্ডটোৰ ঘটনাটো দিনৰ পোহৰত সংঘটিত হৈছে ধুবুৰী চহৰৰ এক ব্যস্ততম অঞ্চলত। ঘটনাৰ বিৱৰণী অনুসৰি, ধুবুৰী জিলাৰ তামাৰহাটৰ ভাটিপেটলা ২য় খণ্ড গাঁৱৰ জাবেদ আলী নামৰ এজন ব্যক্তিয়ে আজি কিবা কামত অধিবক্তা সন্থাৰ কাৰ্যালয় লৈ আহিছিল। আলীৰ ভাষ্য অনুসৰি, অকষ্মাতে এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ কাপোৰত কিবা লাগি থকা বুলি জনায় আৰু সেয়া পানীৰে ধুই পেলাবলৈ কয়। বিশেষ একো আগ-পিছ নাভাবি পানীৰে কাপোৰত ল’গা দাগ দিবলৈ লওঁতেই তেওঁৰ হাতত থকা মোনা এটা থাপ মাৰি উধাও হয় সেই লোকজন। ভূক্তভোগীগৰাকীয়ে জনোৱা মতে, চুৰি হোৱা তেওঁৰ সেই মোনাটোত নিজৰ মাটি বিক্ৰী কৰি পোৱা ১০ লাখ টকা আছিল তেওঁৰ। জানিব পৰা মতে, চুৰিকাণ্ডৰ সমগ্ৰ ঘটনাৱলী লিপিবদ্ধ হৈছে অধিবক্তা সন্থাৰ চি চি কেমেৰাত। ইয়াতে উল্লেখ্য যে, ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্য্যালয় পৰা সামান্য আঁতৰত হ’ল ধুবুৰী অধিবক্তা সন্থাৰ কাৰ্যালয় ভৱনত। চুৰিৰ এই ঘটনাটোক লৈ ভূক্তভোগী গৰাকীয়ে ইতিমধ্যে আৰক্ষীৰ কাষ চপা বুলি জানিব পৰা গৈছে। সন্থাৰ চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি প্ৰকাশ। উল্লেখ্য যে, চুৰিৰ সময়ত চোৰটোৰ অইন কেইবাটাও সহযোগীও সেই স্থানৰ ওচৰে পাজৰে উপস্থিত থকা বুলি সন্দেহ কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like