ম্যানমাৰৰ আকাশেৰে তেজপুৰৰ বায়ুসেনা ঘাটিত আক্রমণ কৰিব চীনে
অ’পেন–ছ’চ ইণ্টেলিজেন্সৰ বিশ্লেষণত উদ্বেগজনক তথ্য
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ম্যানমাৰৰ আকাশমার্গেৰে ভাৰত আক্রমণ কৰিব পাৰে ৰঙা চীনে৷ আক্রমণৰ বাবে চীনে লক্ষ্য কৰি লৈছে তেজপুৰত থকা ভাৰতীয় বায়ুসেনাৰ বিমানঘাটি৷ চীনৰ মূল লক্ষ্য অৰুণাচল প্রদেশ যদিও পূব সীমান্তত সামৰিকভাৱে ভাৰতক পংগু কৰাৰ কৌশলেৰে যুদ্ধকালীন পৰিস্থিতিত চীনে তেজপুৰৰ বায়ুসেনা ঘাটি তথা অসামৰিক বিমানবন্দৰ ধ্বংস কৰাৰ এক ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ অপেন–ছ’ছ–ইণ্টেলিজেন্স (অছিণ্ট) অর্থাৎ ছেটেলাইটৰ পৰা লব্ধ আলোকচিত্র বিশ্লেষণ কৰি ভাৰতৰ এক বিশেষ সংবাদ প্রতিষ্ঠানে কেন্দ্রীয় প্রতিৰক্ষা বিভাগক এই সন্দর্ভত সতর্ক কৰি দিছে৷
উল্লেখ্য যে ভাৰত–চীন সীমান্তৰ অন্যতম এয়াৰবেছ হৈছে তেজপুৰ৷ আগ্রাসী চীনৰ পৰা অৰুণাচল প্রদেশক ৰক্ষা কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ বাবে তেজপুৰ এয়াৰবেছ হৈছে জীৱনৰেখা স্বৰূপ৷ তেজপুৰতেই আছে বায়ুসেনাৰ ২ আৰু ১০৬নং স্কোৱাড্রন৷ সেয়েহে যুদ্ধকালীন পৰিস্থিতিত চীনৰ প্রথম লক্ষ্য যে তেজপুৰ হৈ পৰিব তাত কোনো সন্দেহ নাই৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে অছিণ্টৰ জৰিয়তে প্রস্তুত কৰা প্রতিবেদন অনুসৰি ম্যানমাৰ সীমান্তৰ মাত্র ৩ কিলোমিটাৰ দূৰত য়ুনান প্রদেশত চীনে ইতিমধ্যে এটা সামৰিক নিৰীক্ষণ কেন্দ্র স্থাপন কৰিছে৷ মূলত চীনৰ বায়ুসেনাৰ বাবেই প্রস্তুত কৰা এই নিৰীক্ষণ কেন্দ্রত স্থাপন কৰা হৈছে সুবিশাল ৰাডাৰো৷ উক্ত ৰাডাৰটো পোনে পোনে তেজপুৰমুখী কৰি থোৱা আছে৷ ভাৰতে যদি পূব সীমান্তৰে মিছাইল আক্রমণ কৰে তেনে মাটিৰ মাত্র ২.৫ কিলোমিটাৰ উচ্চতালৈ গতি কৰা মাত্রেই উক্ত মিছাইল অতি সহজেই ধৰা পেলাবলৈ সক্ষম হ’ব চীন৷ আনহাতে ম্যানমাৰ সীমান্তৰ নিচেই কাষত এই নিৰীক্ষণ কেন্দ্র স্থাপন কৰাৰ আন এটা কাৰণো অছিণ্টৰ বিশ্লেষণত ধৰা পৰিছে৷ সেয়া হ’ল চীনে ভাৰত আক্রমণৰ বাবে অবৈধ আৰু বলপূর্বকভাৱে ম্যানমাৰৰ আকাশমার্গ ব্যৱহাৰ কৰিব পাৰে৷ সেয়েহে ম্যানমাৰৰ আকাশমার্গৰ ওপৰতো নিৰীক্ষণ ৰখাৰ বাবেই এই নিৰীক্ষণ কেন্দ্র তথা ৰাডাৰটো স্থাপন কৰা হৈছে বুলি আশংকা ব্যক্ত কৰা হৈছে৷
উল্লেখ্য যে ‘টাইপ–৬০৯’সদৃশ ৰাডাৰটোৰ ব্যাস ১৩ মিটাৰৰো অধিক বুলি ধাৰণা কৰা হৈছে৷ সাধাৰণ ৰাডাৰতকৈ এই ৰাডাৰৰ ক্ষমতা কেইবাগুণ বেছি৷ বেলিষ্টিক মিছাইলৰ গতিবিধিও এই ৰাডাৰত ধৰা পৰিব পাৰে৷ অছিণ্টৰ জৰিয়তে প্রস্তুত কৰা প্রতিবেদনত কোৱা হৈছে ম্যানমাৰ সীমান্তত এই নিৰীক্ষণ কেন্দ্র স্থাপন কৰি চীনে তেজপুৰৰ লগতে বংগোপসাগৰৰ বুকুত থকা ওড়িশাৰ আব্দুল কালাম দ্বীপপুঞ্জকো লক্ষ্য কৰি ল’ব পাৰে৷ উল্লেখ্য যে ২০ আগষ্টৰ পৰা ২২ আগষ্টলৈকে ওড়িশা উপকূলৰ ৫৫০ কিলোমিটাৰ দূৰত থকা আব্দুল কালাম দ্বীপপুঞ্জৰ সমীপত বংগোপসাগৰৰ বুকুত ভাৰতে পৰীক্ষামূলকভাৱে ‘ফ্লাইট ভেহকেল’ সংস্থাপন কৰাৰ কথা৷ মন কৰিবলগীয়া যে সামৰিক দৃষ্টিকোণৰ পৰা আব্দুল কালাম দ্বীপপুঞ্জ ভাৰতৰ বাবে এটা গুৰুত্বপূর্ণ ষ্ট্রেটেজিক পইণ্ট৷ তেজপুৰৰ লগতে এই ষ্ট্রেটেজিক পইণ্টকো ম্যানমাৰৰ আকাশেৰে চীনে এতিয়া আক্রমণৰ লক্ষ্য কৰি ল’ব পাৰে৷ অ’পেন–ছ’ছ–ইণ্টেলিজেন্সৰ জৰিয়তে এই আশংকাই ব্যক্ত কৰা হৈছে৷