নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক’ভিডৰ সংহাৰ অব্যাহত বৃহস্পতিবাৰে প্রাণ হেৰুৱালে ৮জনে

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ   মহামাৰী ক’ৰোনাৰ সংহাৰ অব্যাহত আছে৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ ৮গৰাকী লোকে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা ২২১গৰাকীলৈ বৃদ্ধি পালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি কামৰূপ গ্রাম্যৰ মীৰা বেগম (৭০), ছইফুদ্দিন আহমেদ (৪৮), বৰপেটাৰ মুক্তাৰ হুছেইন (৪৯), ডিব্রুগড়ৰ চক্রধৰ গগৈ (৪৮), ছাও থার্ছা নাংপুং (৬০), কৰিমগঞ্জৰ শুক্লা দত্ত (৬০), কার্বি আংলঙৰ দৰছিং তেৰাং (৪৫) আৰু ধুবুৰীৰ দীপক কুমাৰ ৰাহা (৪৬)ৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু ঘটে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ১,৭৩৫গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ৩৮৯গৰাকী গুৱাহাটী মহানগৰীৰ, ১৭৫গৰাকী কাছাৰৰ, ১১৬গৰাকী ডিব্রুগড়ৰ আৰু ১১২গৰাকী বৰপেটাৰ৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৩৪,৩৭৬গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৫.০৪ শতাংশ৷ নতুনকৈ আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ ৮৬,০৫২গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইপিনে  ২,৭৭২গৰাকী লোক সুস্থ হৈ হাস্পতালৰ পৰা নিজ নিজ ঘৰলৈ উভতি গৈছে৷ এতিয়ালৈ মুঠ ৬৩,১২০গৰাকী লোক সুস্থ হৈছে৷ বর্তমান বিভিন্ন হাস্পতালত ২২,৭০৮গৰাকী লোক চিকিৎসাধীন হৈ আছে৷

You might also like