নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত অস্বাস্থ্যকৰ পৰিৱেশত চিৰা-মূৰী প্ৰস্তুত

🎯তীব্ৰ প্ৰতিক্ৰিয়া জাতীয়তাবাদী যুৱ পৰিষদৰ

🎯দুৰ্গা চিৰা মূৰী মিল কৰ্তৃপক্ষৰ বিৰুদ্ধে জিলা খাদ্য-অসামৰিক যোগান বিভাগৰ সঞ্চালকক স্মাৰক পত্ৰ

বিশেষ বাৰ্তা, ২৮ মে’ : লখিমপুৰ জিলাৰ পথালিপাহাৰত বৰ্তমান পূৰ্ণ গতিত চলি থকা শ্ৰীদুর্গা চিৰা-মুড়ি মিল কর্তৃপক্ষই জনস্বাস্থ্যক লৈ হেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই শ্রীদুর্গা চিৰা মুড়ি মিলৰ কর্তৃপক্ষই ভৰিৰে গচকি প্ৰস্তুত কৰা খাদ্য দব্য লখিমপুৰ জিলাৰ লগতে মাজুলী, ধেমাজি, বিশ্বনাথ, শোনিতপুৰৰ লগতে দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন প্রান্তলৈ দৈনিক যোগান কৰি আহিছে বৃহৎ বৃহৎ পৰিমাণৰ চিৰা-মুড়ি। জনসাধাৰণে জলপান ৰূপে ব্যৱহাৰ কৰি অহা চিৰা-মুড়ি মিলটোত প্ৰস্তুত কৰাৰ বেলিকা মিল কর্তৃপক্ষই কোনো ধৰণৰ চাফ চিকুনতাত গুৰুত্ব আৰোপ কৰা নাই। মিলত কৰ্মৰত কৰ্মচাৰী সকলে চিৰা-মুড়ি বোৰ উন্মুক্ত ভৰিৰে গচকিয়েই দৈনিক বজাৰত বস্তাত ভৰাই গ্রাহকলৈ বুলি যোগান ধৰি আহিছে। খোৱা খাদ্য প্রস্তুতৰ বেলিকা প্রকৃততে এনেবোৰ প্ৰস্তুতকাৰী মিলৰ কর্তৃপক্ষ জনস্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ লগতে পৰিস্কাৰ পৰিচ্ছন্নতাত কিমানদূৰ গুৰুত্ব আৰোপ কৰিছে সেই ক্ষেত্ৰত দৃষ্টি ৰখাটো জিলা খাদ্য সুৰক্ষা বিভাগৰ দায়িত্ব আৰু কৰ্তব্য। যদিও বিভাগীয় কর্তৃপক্ষই সকলো দেখি শুনিও উক্ত মিলতোৰ কৰ্তৃপক্ষৰ ওপৰত আজি পৰ্য্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম নোহোৱাটো দূর্ভাগ্যজনক আৰু লজ্জাজনক কথা। লগতে খাদ্য সুৰক্ষা বিভাগৰ দূৰ্বলতা প্রকাশ পাইছে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ দাবী শীঘ্ৰে মিলটোৰ স্বত্বাধিকাৰী ৰাজদেউ কুমাৰ জয়ছোৱালৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু জনস্বাস্থ্য প্ৰতি ভাবুকি কঢ়িয়াই নিজৰ মুনাফা আদায় কৰা স্বৰ্তাধীকাৰীজনৰ ওপৰত আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়। অন্যথা অসম জাতীয়তাবাদী যুৱ পৰিষদ, উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে তীব্ৰ প্রতিবাদী কার্য্যসূচী লবলৈ বাধ্য হব বুলি হুংকাৰ দিছে পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাই। আজি পৰিষদে এই সন্দৰ্ভত জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক এক স্মাৰক প্ৰদান কৰি উপযুক্ত তদন্তৰ দাবী জনাইছে।

প্ৰেৰক নিতুল বৰা

You might also like