নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং জিলা মহিলা মৰ্চাৰ আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস পালন

🔹 চিৰাঙৰ একমাত্ৰ মহিলা সাংবাদিক বৰ্ণালী তালুকদাৰক বিশেষ বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি ৮ মাৰ্চ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰি আহিছে চিৰাং জিলা বিজেপি মহিলা মৰ্চাই। আজি বিজনীস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই নাৰী দিৱসৰ লগত সংগতি ৰাখি চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ পৰা বিভিন্ন দিশত অৱদান আগবঢ়োৱা ১০গৰাকী মহিলাক বঁটাৰে সন্মানিত কৰে। তাৰে চিৰাং জিলাৰ ভিতৰত একমাত্ৰ মহিলা সাংবাদিক বৰ্ণালী তালুকদাৰক বিশেষ বঁটা প্ৰদান কৰে । আজিৰ এই বঁটা বিতৰণী সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা দমন্তী ৰায়ৰ লগতে মহিলা মৰ্চাৰ সভানেত্ৰী দেৱযানী ৰায়, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায়, বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিটিআৰৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন।

You might also like