নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও ৰাজাচাৰাং প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱত চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ

নিয়মীয়া বাৰ্তা, ৩ জুনঃ অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু সৰ্বশিক্ষা অভিযানৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ উৎকৰ্ষ সাধনৰ অৰ্থে অনুষ্ঠিত কৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ২০২২ বৰ্ষৰ আজি তৃতীয় দিন। ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱৰ আজি তৃতীয় দিনত চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটবৰ্তী ২০৮নং বাসুগাঁও ৰাজাচাৰাং প্ৰথমিক বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হয়। বিদ্যালয় খনত অনুষ্ঠিত গুণোৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ। তৃতীয় পৰ্যায়ৰ গুণোৎসৱ-২০২২ৰ তৃতীয় দিনা জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে জিলাখনৰ একাংশ বিদ্যালয় পৰিদৰ্শন কৰে। জিলা খনৰ ২০৮নং বাসুগাঁও ৰাজাচাৰাং প্ৰাথমিক বিদ্যালয়, বাসুগাঁও টাউন জে বি প্ৰাথমিক বিদ্যালয় আৰু হাতীপোতা আঞ্চলিক হাইস্কুল পৰিদৰ্শন কৰি চলি থকা বাহ্যিক মূল্যায়ন কাৰ্য্যসূচীৰ বুজ লয়। জিলা উপায়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ পঢ়া, লিখা আৰু সংখ্যা বিজ্ঞানৰ দক্ষতা, অভিভাৱকৰ অংশ গ্ৰহণ, বিনামূলীয়া ইউনিফৰ্ম আৰু পাঠ্যপুথি গ্ৰহণ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি, বিদ্যালয়ৰ শৌচাগাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰো মূল্যায়ন কৰে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰন পৰ্যবেক্ষণ কৰি প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলৰ পুষ্টিৰ অৱস্থা উন্নত কৰাৰ বাবে গুণগত মানদণ্ড পৰীক্ষা কৰে ৷ জিলাখনৰ বাসুগাঁও ২০৮ নম্বৰ ৰাজাচাৰাং প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সংবাদ মাধ্যমৰ আগত বিদ্যালয় সমূহৰ নিম্ন স্তৰত স্কুলীয়া লৰা -ছোৱালী সকলৰ অভিভাৱ সকলৰ সহযোগত বিগত কৰ’না সৃষ্ট পৰিৱেশৰ মাজতো পঢ়া শুনাত যতি পৰানাই বুলি মত ব্যক্ত কৰে। জিলা উপায়ুক্ত গৰাকীয়ে অষ্টম- নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ কিছু আঁসোৱাহ ৰৈ গৈছে বুলিও কয় ৷ এই গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ্থীসকল ভৱিষ্যতে উপকৃত হব বুলিও তেওঁ মত ব্যক্ত কৰে ৷ জিলা খনৰ ভালে সংখ্যক বিদ্যালয় আন্তঃগাঁথনিৰ অসুবিধা হৈ অহাত সমাধান কৰিবলৈ জিলা উপায়ুক্তই চেষ্টা চলাই থকা বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷
প্ৰেৰক ভৃগু মুনি ৰায়

You might also like