নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত কাতি বিহু উদযাপন

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ কাতি বিহু অন্যান্য ঠাইৰ লগতে বিজনী মহকুমাৰ অন্তৰ্গত ১নং চাৰাগাঁও বৰ্মন পাৰাত  কৃষি  বিভাগৰ  উদ্যোগত  সমূহ  ৰাইজৰ উপস্থিতিত  পৰম্পৰাগত ৰীতি নীতিৰে কাতি বিহু  উদযাপন হয়। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত সজাগতা সভা আৰু কাতি বিহু উদযাপন কৰা হয়। বিজনী  বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰয় উপস্থিতি হৈ উক্ত সভা খনত কৃষক সকলক অসম চৰকাৰৰ তৰফৰ পৰা ৰূপায়ন কৰা আঁচনিসমূহৰ সম্পৰ্কত বক্তব্য দাঙি ধৰে বিধায়কগৰাকীয়ে। উল্লেখযোগ্য যে কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত শস্য নষ্টকাৰী কীট-পতংগৰ বোৰৰ পৰা যাতে সুকলমে ৰাখিব পাৰি সেই উদ্দেশ্যেৰে পূৰ্বৰ লোকাচাৰ অনুসৰি পথাৰত এগছি বন্তি জ্বলাই প্ৰাৰ্থনা জনায় বিধায়ক অজয় কুমাৰ ৰয়। অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ অধ্যক্ষ অবিৰাম মহানায়ক, বিটিআৰৰ মনোনীত সদস্য প্ৰদীপ কুমাৰ বায়ন  লগতে  বিজনী মহকুমাৰ কৃষি বিভাগৰ  বিষয়া উপানন্দ  পাটোৱাৰী, কমলজ্যোতি দাস, অশোক দাসৰ লগতে কৰ্মচাৰীসকল উপস্থিত থাকে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like