🎯ডায়েৰীয়াত ৭৫ আক্ৰান্ত : ১০জন কলেৰা ৰোগী চিনাক্ত : ২জনৰ মৃত্যু
বিশেষ বার্তা, ১৪ জুন : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ চাহ বাগিছাত ডায়েৰীয়া আৰু কলেৰা ৰূপে ভয়ংকৰ কালৰূপ লৈ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে চাহ বাগিছাখনত ৭৫জনকৈ চাহ শ্ৰমিক ডায়েৰীয়া আৰু কলেৰাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে দুজনকৈ শ্ৰমিক। চিকিৎসা বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি চলিত মাহৰ ৩ তাৰিখে গৰা জাল নামৰ চাহ শ্ৰমিকজন ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লগতে ৭ জুনত টিংকু কঞা নামৰ আন এজন চাহ শ্ৰমিকো সন্দেহজনক ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। জানিব পৰা মতে মৃত গৰা জাল আৰু তেওঁৰ পত্নীয়ে উৰিষ্যা ভ্ৰমণ কৰি অহাৰ পিছত ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ভয়ংকৰ কথা যে ইয়াৰ পিছতেই গৰা জাল নামৰ ব্যক্তিজনৰ তিলনি খাবলৈ গৈ বাগিচা খনৰ প্ৰায় ৭৫জনকৈ শ্ৰমিক ডায়েৰীয়াত আক্ৰান্ত হোৱাৰ লগতে ভয়ংকৰ ভাবে বাগিছাখনত বিয়পি পৰে ডায়েৰীয়া ৰোগ।মনকৰিবলগীয়া যে ডায়েৰিয়াত আক্ৰান্ত হোৱা ৭৫জন ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত তেওঁলোকৰ ভিতৰত ১০জন ৰোগী কলেৰাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰাত অঞ্চলটোৰ পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰে আৰু কলেৰাত আক্ৰান্ত বুলি নিশ্চিত কৰা ৰোগী ক্ৰমে মনিতা তাঁতী, ইষা চৌহান, মংগলী কঞা, গোলাপ এক্কা, মানিক তিৰ্কী, বাসন্তী তাঁতী, পুষ্প তাঁতী, ললীতা তাঁতীক নাহৰকটীয়া সামূহীক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। আনহাতে জয়পুৰ চাহ বাগিচা চিকিৎসালয়ত পিংকী গড় আৰু অনামিকা ওৰাং নামৰ আন দুগৰাকী ডায়েৰীয়া আক্ৰান্ত ৰোগী বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ৬৩ গৰাকী ৰোগী সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা চিকিৎসকে যাবলৈ দিয়ে।প্ৰণিধানযোগ্য যে বিশ্বৰ ভিতৰতে প্ৰথম বাণিজ্যিক ভিত্তিক চাহ বিদেশলৈ প্ৰেৰণকাৰী চাহ বাগিচা ৰূপে স্বীকৃত জয়পুৰ চাহ বাগিচাৰ অপৰিস্কাৰ নলা নৰ্দমা,পৰ্যাপ্ত অনাময় আঁচনিৰ সুবিধা নথকা, একাংশ শ্ৰমিকে সজাগতাৰ অভাৱত অনাময় ব্যৱস্থাৰ শৌচাগাৰ ব্যৱহাৰ নকৰি মুকলি ঠাইত শৌচ প্ৰস্ৰাৱ কৰা তথা বাগিছা কৰ্তৃপক্ষই একমাত্ৰ আৰ্থিক লাভালাভত গুৰুত্ব দি সহজ সৰল শ্ৰমিক সকলৰ স্বাস্থ্য সজাগতাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ফলতেই বাগিছাখনত ডায়েৰিয়া আৰু কলেৰাই ভয়ংকৰ ৰূপ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠন আৰু সচেতন মহলে। যাৰ এক জ্বলন্ত প্ৰমাণ হল চাহ বাগিচাখনৰ চিকিৎসালয়ত বাগিচা কৰ্তৃপক্ষই আজিলৈকে এজন স্থায়ী চিকিৎসকৰ ব্যৱস্থা নকৰাটো। যাৰ বাবে সময়ে সময়ে উপযুক্ত চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লাগে বাগিচাখনৰ শ্ৰমিকসকলে।যাৰ বাবে আনকি বাগিচাখনৰ শ্ৰমিক সকলৰ মাজত ডায়েৰীয়া আৰু কলেৰাৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পিছত বাগিচা কৰ্তৃপক্ষৰ বিপৰীতে নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈৰ তৎপৰতা আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক কাৰ্য্যালয়, ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক, এন এইছ এম, নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নাহৰকটীয়া অসামৰিক চিকিৎসালয় আৰু জয়পুৰ ৰাজ্যিক চিকিৎসালয়ে তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰি এই ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ বাগিছাখনৰ চিকিৎসালয়ত দিনটোৰ ২৪ ঘণ্টাৰ বাবেই অস্থায়ী ভাৱে চিকিৎসকৰ ব্যৱস্থা আৰু বিচনাৰ সংখ্যা বৃদ্ধি কৰি যুদ্ধ কালিন তৎপৰতা অব্যাহত ৰখাৰ লগতে নাৰ্চ, বহুমুখী স্বাস্থ্য কৰ্মী আৰু আশা কৰ্মীৰে গঠিত ৬টাকৈ দল গঠন কৰি বাগিচা খনৰ প্ৰতিটো লাইনত প্ৰতিগৰাকী শ্ৰমিকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱাৰ লগতে তেওঁলোকক এই ৰোগ কিদৰে নোহোৱা কৰিব পাৰি তাৰ প্ৰতি সজাগ কৰি তুলিছে। ইয়াৰোপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগেও বাগিচা খনৰ লাইন সমূহত পানী টেংকীৰ যোগান ধৰি শ্ৰমিক সকলক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে। একেদৰে বাগিচাখনত বিগত তিনি দিনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰিচালন সঞ্চালক, ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আদিয়ে অঞ্চলটো পৰিদৰ্শন কৰি ৰোগীসকলৰ চিকিৎসা সেৱাৰ বিষয়টোত চকু ৰখাৰ লগতে বিভিন্ন সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে কালি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীৰ সৈতে বাগিচাখনৰ চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসক আৰু বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ মাজত স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰৰ পৰা সকলোধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা