নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোণাসৃষ্ট পৰিৱেশৰ মাজতে বৰদিনৰ প্ৰস্তুতি

পিন্ধিব লাগিব মাস্ক , মানিব লাগিব সামাজিক দূৰত্ব

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ বৰদিনলৈ মাজত মাথো এটা দিন। বিশ্বজুৰি খ্ৰীষ্টধৰ্মৰ লোকসকলৰ মাজত বৃদ্ধি পাইছে উচাহ। কিন্তু ক’ভিডৰ বাবে কিছুপৰিমাণে হ্ৰাস পাইছে আনন্দ।

দেশৰ লগতে অসমতো সজাই পৰাই তোলা হৈছে গীৰ্জাসমূহ। মহানগৰীৰ গীৰ্জাসমূহ সজাই তোলা হৈছে। বিভিন্নৰঙী আলোকৰসজ্জাৰে উজলি উঠিব গীৰ্জাসমূহ। লগতে কেৰলৰ ধব্বনিত মুখৰিত হ’ব গীৰ্জাসমূহ।

উল্লেখযোগ্য যে পূৰ্বৰ দৰে উছাহ যেন ম্লান পৰিছে। ক’ৰোনাৰ বাবে এটা অন্য পৰিৱেশৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই পাণবজাৰস্থিত গীৰ্জাৰ ফাদাৰে কয় যে আজি নিশা ৯ বজাত খোলা হ’ব গীৰ্জাৰ দুৱাৰ। নিশা ১০ বজাত গীৰ্জাঘৰৰ মূল দুৱাৰ বন্ধ কৰি দিয়া হব। শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা সকলোৱে কৰিব পাৰিব প্ৰাৰ্থনা। সকলোকে মুখত মাস্ক পৰিধান কৰিব লাগিব। লগতে সামাজিক দূৰত্ব মানি চলিবলৈও আহ্বান জনায় ফাদাৰে।

You might also like