নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্সিং ডে’ টেষ্টলৈ সাজু টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ গুলপীয়া বলৰ দিবা–নৈশ টেষ্টৰ শোচনীয় ব্যর্থতা পাহৰি টীম ইণ্ডিয়াই মেলব’নত শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে আজিৰে পৰা অনুশীলনত নামিছে৷ ২৬ ডিচেম্বৰৰ পৰা ঐতিহাসিক মেলব’ন ক্রিকেট গ্রাউণ্ডত আৰম্ভ হ’বলগীয়া বক্সিং ডে’ টেষ্টৰ প্রতি লক্ষ্য ৰাখি আজিংক্য ৰাহানে নেতৃত্বাধীন দলটোৱে বুধবাৰে পুৱাৰে পৰা কঠোৰ অনুশীলন আৰম্ভ কৰিছে৷ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী আৰু ভাৰপ্রাপ্ত অধিনায়ক ৰাহানেৰ তত্ত্বাৱধানত উদীয়মান তাৰকা শুভমন গিল, ঋষভ পণ্ট, লোকেশ ৰাহুল আৰু ৰবীন্দ্র জাদেজাই দীর্ঘ সময় ধৰি নেটত বেটিং কৰা দেখা যায়৷ আঘাতৰ বাবে প্রথম টেষ্টত খেলিব নোৱৰা অলৰাউণ্ডাৰ জাদেজাই বেটিঙৰ লগতে প্রায় এঘণ্টা একেৰাহে বলিং অনুশীলনো চলায়৷ তেওঁ অভিজ্ঞ তাৰকা শ্বেটেশ্বৰ পূজাৰাৰ বিৰুদ্ধে নেটত বলিং কৰে৷ উল্লেখ্য যে ছিডনীত অনুষ্ঠিত দিবা–নৈশ টেষ্টৰ দ্বিতীয় ইনিংছত তাৰকাসমৃদ্ধ ভাৰতীয় দলটো মাত্র ৩৬ ৰানত অলআউট হোৱাৰ পিছত মেলব’নত টীম ইণ্ডিয়াই ব্যাপক সালসলনিৰে খেলপথাৰত নমাটো নিশ্চিত হৈছে৷ ছিডনীত উভয় ইনিংছতে শোচনীয়ভাৱে ব্যর্থ হোৱা অ’পেনাৰ পৃথ্বি শ্বৰ স্থান পূৰাবলৈ সাজু হৈছে শুভমন গিল৷ একেদৰে স্বদেশলৈ উভতি অহা অধিনায়ক কোহলিৰ স্থানত সুযোগ পাব প্রতিভাৱান বেটছমেন লোকেশ ৰাহুলে৷ বেটিং অলৰাউণ্ডাৰ হনুমা বিহাৰীৰ স্থানত অভিজ্ঞ তাৰকা জাদেজাই মূল একাদশত প্রৱেশৰ সম্ভাৱনা আছে৷ ইফালে, ঋদ্ধিমান সাহাৰ স্থানত বক্সিং ডে’ টেষ্টত ঋষভ পণ্টক খেলোৱাৰ ইংগিত দিছে প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱা তাৰকা বেগী বলাৰ মহম্মদ ছামিৰ সলনি নৱদীপ ছাইনী অথবা মহম্মদ চিৰাজে সুযোগ পাব৷ উল্লেখ্য যে প্রথমটো সন্তানক আদৰিবলৈ অধিনায়ক কোহলি স্বদেশলৈ উভতি অহাৰ পিছত ভাৰপ্রাপ্ত অধিনায়ক আজিংক্য ৰাহানেই পৰৱর্তী তিনিখন টেষ্টত ভাৰতক নেতৃত্ব দিব৷

You might also like