নিয়মীয়া বাৰ্তা ২১ মাৰ্চ : খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মেধাবী ছাত্ৰ ৰক্তিম ফুকনে কালি অসমীয়া ভাষাৰ কবিতা লিখি চুলান বুক্ ৱল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। চুলান বুক ওৱল্ড ৰেকৰ্ড আন্তৰ্জাতিক সংস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য পৰিচালক ড: হৰেশ্বৰ শইকীয়াৰ তত্ত্বাৱধানত কালি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অসমীয়া ভাষাত ৪২মিনিটত এহেজাৰ শব্দৰ ভিতৰত পোন্ধৰটা কবিতা লিখি ৰক্তিম ফুকনে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হয়। গোলাঘাট জিলাৰ খুমটাই অঞ্চলৰ বৰাহী চংকলা গাঁৱৰ নিবাসী প্ৰদীপ ফুকন আৰু বন্তি ফুকনৰ এক মাত্ৰ সন্তান। তেওঁ জয়া গগৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত ষষ্ঠ ষান্মাষিকত অধ্যয়ণ কৰি আছে। অসমীয়া ভাষাত প্ৰথম বাৰৰ বাবে কবিতা লিখি এনেদৰে চুলান বুক্ ওৱল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা ৰক্তিমৰ এনে সফলতাক সকলোৱে প্ৰশংসা কৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অমিয় কুমাৰ দাসে শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ তৰফৰ পৰা তত্বাবধায়ক গৰাকীক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষা জ্যোতিৰেখা গগৈ, বিশিষ্ট প্ৰকৃতি প্ৰেমী অপূৰ্ব বল্লৱ গোস্বামী,বিশিষ্ট বিহুগীতৰ শিল্পী বিপুল চেতিয়া ফুকন, সাংবাদিক নবীন গোহাঁই,সমীৰণ দিগন্ত বৰা ,বাবুল গগৈ , বেদাংগ তামুলী,মৃদুষ্ম বৰুৱা আদিৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি আৰু সাংবাদিকক ৰক্তিম ফুকনে সম্বৰ্ধনা জনায়। জেষ্ঠ অধ্যাপিকা গায়ত্ৰী দেৱী আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তাপস বৰুৱাই আঁতধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিক আৰু ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে।ছাত্ৰ জনৰ এনে সফলতাক মহাবিদ্যালয়ৰ তৰফৰ পৰা শলাগ যাচিছে।
প্ৰেৰক নবীন গোহাঁই