নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুতীয়া ছাত্র নেতা বিপুল চুতীয়াৰ বিয়োগ

🔹 তিনিদিনীয়াকৈ শোক পালন চুতীয়া ছাত্র সন্থাৰ

নিয়মীয়া বাৰ্তা,  ২২ ছেপ্টেম্বৰ : মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰবিল গাঁৱৰ বাসিন্দা, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য তথা সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিপুল চুতীয়া (৪০)ই ২১ ছেপ্টেম্বৰৰ ৰাতি  শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, কিছুদিনৰ পৰা অসুস্থ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে চিকিৎসাৰ বাবে ২১ ছেপ্টেম্বৰত ডিব্ৰুগড়লৈ গৈ চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে ২২ ছেপ্টেম্বৰত হাইদৰাবাদলৈ যাবলৈ যো-জা কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ধেমাজিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যোৱা হয় যদিও পথতে মৃত্যুক আঁকোৱালি লয় নেতাগৰাকীয়ে। মাজুলীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্রোতভাৱে জড়িত বিপুল চুতীয়াই গেজেৰা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, উজনি মাজুলী মিলন সংঘৰ ৰাস পৰিচালনা সমিতিৰ সম্পাদক, নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ উপৰি সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, উপদেষ্টা, সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ উপ-সভাপতি আৰু শেহতীয়াকৈ চুতীয়া জাতি উন্নয়ন পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আজি পুৱা ছাত্ৰ নেতাজনৰ নশ্বৰ দেহ নিজা বাসগৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশ বিৰাজ কৰে। বাসগৃহতে অসংখ্য গুণমুগ্ধ আৰু বিভিন্ন সংগঠনৰ নেতৃত্বই নেতাগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সদৌ অসম চুতীয়া জাতি সন্মিলন, অসমৰ সাধাৰণ সম্পাদক নৃপেন শইকীয়া, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই নেতাগৰাকীক শেষ শ্রদ্ধা জনোৱাৰ লগতে লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ বিষয়ববীয়া, মাজুলী জিলা চুতীয়া জাতি সন্মিলন, যুৱ সন্মিলন, মহিলা সন্মিলন, আছু, নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চ, উজনি মাজুলী মিলন সংঘ, মিচিং ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থা, বৰবিল যুৱক সংঘ, গাঁওৰক্ষী বাহিনী, বৰবিল হাইস্কুল শিক্ষক গোট, মাজুলী জিলা হাইস্কুল শিক্ষক সংস্থা, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ শিক্ষক গোট, উজনি মাজুলী শাখা সাহিত্য সভাকে আদি কৰি বিভিন্ন দল-সংগঠন আৰু অনুৰাগীয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে। আনহাতে, চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন নেতাজনৰ মৃত্যুত প্ৰতিখন জিলাতে পতাকা অৰ্ধনমিত কৰি তিনিদিনীয়াকৈ শোক দিৱস পাতিবলৈ আৰু স্মৃতিচাৰণ সভা পাতিবলৈ কেন্দ্রীয় সমিতিৰ সভাপতি মহেন বৰাই জিলা সমিতিসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। সকলোৰে প্ৰিয়ভাজন নেতাজনৰ মৃত্যুত নতুন বজাৰ ব্যৱসায়ী সন্থাই মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আজি পুৱা ৫ বজাৰ পৰা ৯ বজালৈ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লয়।

প্ৰেৰক ৰূপজ্যোতি বৰা 

You might also like