নিয়মীয়া বাৰ্তা নতুন বজাৰ, ১৩ ফেব্ৰুৱাৰীঃ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ উপদেষ্টা শশাংক শইকীয়াক সন্থাৰ পৰা বাধ্যতামূলক অব্যাহতি দিয়া হয়। সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰে। বিবৃতিত নেতাদ্বয়ে শশাংক শইকীয়াই অ-সংবিধানিক কাৰ্যকলাপ আৰু অনুশাসন ভংগ কৰা অপৰাধত জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ বাধ্যতামূলক অব্যাহতি দিয়া হৈছে বুলি উল্লেখ কৰে।
তিনিচুকীয়া জিলা সমিতি গঠনঃ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ তিনিচুকীয়া জিলা সমিতিখন কালি গঠন কৰা হয়। তিনিচুকীয়া সতী সাধনী ভৱনত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্রীয় নেতৃত্বৰ সম্পুর্ন তত্বাবধানত অনুষ্ঠিত হোৱা বিষয় বাছনি সভাত ৰহিম শইকীয়াক সভাপতি, হৰেণ শইকীয়াক কাৰ্যকৰী সভাপতি আৰু ৰিতু চুতীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজ বাঢ়ৈ বৰা চুতীয়া, মুখ্য সাংগঠনিক সম্পাদক মানস প্ৰতিম চুতীয়া, সাংগঠনিক সম্পাদক দ্বয় নিজন্ত চুতীয়া, ৰাজেন বৰা, উপ সভাপতি লক্ষী বৰা আৰু সহকাৰী সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰা। সভাত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ অন্যান্য বিষয়ববীয়াৰ লগতে বিশেষ ভাৱে উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়া।