নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ ধন দাবী কাণ্ড : বজালীত পুনৰ চিআইডিৰ অভিযান

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ ইতিহাসতে এক ক’লা অধ্যায় হিচাপে চিহ্নিত হোৱা বজালী আৰক্ষীৰ কুকীৰ্তি পোহৰলৈ অহা আজি ২১ দিনত ভৰি দিলে যদিও আজিও অব্যাহত আছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অভিযান৷ উল্লেখ্য যে যোৱা পহিলা ছেপ্তেম্বৰৰ পৰা দিন ৰাতি একাকাৰ কৰি চি আই ডিৰ দলে বিভিন্ন সময়ত তাত-বাতি কাঢ়ি আছে বজালীলৈ৷ মাজতে কেবাদিনো বিৰতিৰ অন্তত আজি সন্ধিয়া পুনৰ চি আই ডিয়ে অভিযান চলায় বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, ভৱানীপুৰ আৰক্ষী চকী আৰু চুপাৰী ব্যৱসায়ী ৰবিউলৰ গৃহত৷ উল্লেখ্য যে সমগ্ৰ ঘটনাটোত চি ডিৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, উপ আৰক্ষী অধীক্ষক(সদৰ) পুষ্কল গগৈ, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰি, বজালী জিলাৰ পূৰ্বৰ উপ-আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী ইনজামামুল হুছেইন, বজালী আৰক্ষী অধীক্ষকৰ গাড়ী চালক দীপজয় ৰয়, অংশকালীন গাড়ীচালক নবিড় আহমেদ, তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববী সিঙৰ ওৰফে সুভাষ চান্দেৰ, মধ্যভোগী কিশোৰ বৰুৱা আৰু শ্বহিদুল ইছলামকে ধৰি কেবাজনো লোক৷ চি আই ডিয়ে বিগত ২০ টা দিনত মাৰাথান অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ, কোটিৰো অধিক নগদ ধন, চেকপাত, লেপটপ, আইপেডকে আদি বহু সামগ্ৰী ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পিছতে আজি সন্ধিয়া পুনৰ চি আই ডিৰ এটি বৃহৎ দল বজালীত উপস্থিত হয়৷ দলটিয়ে প্ৰথমতে পাঠশালাত উপস্থিত হৈ বজালী আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ত তালাচী চলায়৷ তাৰ পিছতে ভৱানীপুৰ আৰক্ষী চকীত উপস্থিত তাতো বহু সময়ধৰি তালাচী চলাই কেবাখনো চেক পাতৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ ইয়াৰ পিছত চি আই ডিৰ দলটিয়ে চুপাৰী ব্যৱসায়ী ৰবিউলৰ খৰমা বজাৰৰ কাড়াগাড়ী গাঁওস্থিত বাসগৃহত উপস্থিত হয়৷ বাতৰি প্ৰস্তুত কৰা সময়লৈতে ৰবিউলৰ গৃহত অভিযান চলাই থকা চি আই ডিৰ দলটিয়ে ব্যৱসায়ী ৰবিউলৰ লগতে তেওঁ পৰিয়ালৰ প্ৰতিজন সদস্যৰ জবানবন্দী লিপিবদ্ধ কৰাৰ লগতে ৰবিউলৰ দুটা লেপটপ, দুটা আই ফোনৰ সন্ধান কৰাৰ লগতে তেওঁৰ সম্পত্তিৰ তালিকাও বিচাৰে বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে৷ বজালী আৰক্ষীৰ এই লজ্জাজনক কাণ্ডৰ প্ৰতিক্ৰিয়া বজালীত কিছু পৰিমানে সাম কাটিছিল যদিও আজি চি আই ডিৰ অভিযানৰ পিছতে বিষয়টোক লৈ পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like