নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ দুৰ্গ ধুবুৰীত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : বিলাসীপাৰাত কংগ্ৰেছৰ এক বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাৰ লক্ষ্য সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমলক পৰাভূত কৰা। ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু বিলাসীপাৰা, মহামায়া, চাপৰ-শালকোচা আৰু নায়েৰআলাগা ব্লক কংগ্ৰেছৰ সহযোগত স্থানীয় পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহত কালি সন্ধিয়া দলটোৰ পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়। জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। বিশেষকৈ আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰাত দলটোৰ বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এআইইউডিএফৰ ছুপ্ৰিমো বদৰুদ্দিন আজমলক সমষ্টিটোৰ পৰা বিদায় দিয়াৰ বাবে সভাত দলটোৰ শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দৰ লগতে কৰ্মী সকলে সংকল্পবদ্ধ হয়। তদুপৰি সভাখনত ধুবুৰী লোকসভা সমষ্টিৰ এআইইউডিএফৰ দখলত থকা বিধানসভা সমষ্টিকেইটাত বিশাল জনসভা অনুষ্ঠিত কৰাৰ বিষয়টো লৈ বিতংকৈ আলোচনা কৰা হয়। সভাখনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যকৰি সভাপতি  জাকিৰ হুছেইন শিকদাৰ, কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, অসম কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী, জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লা, দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ, অসম ৰাজ্যিক কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাহ, ধুবুৰী জিলা পৰিষদৰ সভাপতি আশাদুৰ ৰহমানৰ প্ৰমুখ্যে কংগ্ৰেছৰ ৰাজ্যিক আৰু ধুবুৰী জিলা পৰ্যায়ৰ অইন কেইবাগৰাকী নেতাও। বৈঠকখনৰ অন্তত আয়োজিত এক সংবাদমেলত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে কয় যে কেন্দ্ৰত ৰাহুল গান্ধীৰ নেতৃত্বত  কৰা ভাৰত জোড়ো যাত্ৰা, ৰাজ্যত ভূপেন বৰাৰ নেতৃত্বত কৰা অসম যাত্ৰা, চাহ বাগান যাত্ৰাকে ধৰি ৰূপায়ণ কৰা কাৰ্যসূচীসমুহৰ সফল ৰূপায়ণে জনসাধাৰণৰ পৰা দলটোৱে সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে ধুবুৰী লোকসভা সমষ্টিৰ পৰা বদৰুদ্দিন আজমলক বিদায় দিলেই বিজেপি চৰকাৰ ক্ষমতাচ্যুত হব। আগন্তুক লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ পৰাজয় নিশ্চিত বুলি দাবী কৰে।
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like