নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী কাণ্ড : আৰক্ষী অধীক্ষকৰ বাসগৃহত তালাচী চিআইডিৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ এগৰাকী চুপাৰী ব্যৱসায়ীক বৃহৎ পৰিমানৰ ধন দাবী কৰাৰ লগতে শাৰিৰীকভাৱে অত্যাচাৰ কৰি আৰক্ষীৰ খাকী পোচাকত কলা দাগ লগোৱা বজালী আৰক্ষীৰ কাণ্ডত অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰ গৈছে নগৰাকীকৈ অভিযুক্ত৷ ঘটনা সন্দৰ্ভত জোৰদাৰ অনুসন্ধান অব্যাহত ৰখা চি আই দিয়ে প্ৰতি দিনেই বজালীত উপস্থিত হৈ বজালীৰ বিভিন্ন প্ৰান্তত চলাই গৈছে তদন্ত৷ এই তদন্তৰ মাজতে ৰাইজৰ মাজত প্ৰশ্নও উত্থাপন হৈছে যে ধনৰ লোভৰ বাবে কিমান তললৈ যাব পাৰে খোদ আইনৰ ৰক্ষাকৰ্তা৷ বাটে পথে সাধাৰণ জনতাক আইনৰ জ্ঞান দি ফুৰা আৰক্ষীৰ খাকী পোচাকৰ আৰত যেন লুকাই আছে ৰক্ষকৰূপী ভক্ষক৷ ইয়াৰ মাজতে যোৱা নিশা প্ৰায় ১ বজাত আজি গ্ৰেপ্তাৰ হোৱা বজালীৰ তদানীন্তন আৰক্ষী অধীক্ষক তথা সিদ্ধাৰ্থ বুঢ়াগোহাই আৰু তেওঁৰ গাড়ীচালক দীপজয় ৰয়ক লগত লৈ চি আই ডিৰ এটি বৃহৎ দলে বজালী আৰক্ষী অধীক্ষকগৰাকীৰ বাসভৱনত তালাচী চলায়৷ বজালীৰ দণ্ডাধীশৰ উপস্থিতিত চি আই ডিৰ দলটোৱে তালাচীত বহু তথ্য লাভ কৰা বুলি সন্দেহ কৰা হৈছে৷ পুৱতি নিশা পৰ্যন্ত চলোৱা এই অভিযানত মহিলা আৰক্ষীও উপস্থিত আছিল৷ কেবা ঘণ্টা ধৰি চলোৱা তালাচীৰ অন্তত চি আই ডিৰ দলটিয়ে আৰক্ষী অধীক্ষকগৰাকীৰ বাসভৱনটো চীল কৰি দিয়ে৷ আৰু এই অভিযানৰ কিছু ঘণ্টা পিছতে তিনিদিনৰ তদন্তৰ অন্তত আৰক্ষী অধীক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰে৷ ইপিনে চি আই ডিৰ দলটোৱে কালি নিশা পাঠশালা নগৰৰ মোবাইল ফোনৰ দোকানী এজনো সোধপোছ কৰে৷ জানিব পৰা অনুসৰি আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাইৰ গাড়ী চালক দ্বীপজয় ৰয়ে পাঠশালা কলেজ ৰোডস্থিত মোবাইলফোন মেৰামতি আৰু বিক্ৰী কৰা দোকানী এজনৰ তাত আৰক্ষী অধীক্ষকগৰাকীৰ নিৰ্দেশমৰ্মে এটি এপল কোম্পানীৰ আইপেডৰ ছেটিং থিক কৰিবলৈ নিছিল যিটো আইপেড চুপাৰী ব্যৱসায়ী ৰবিউলৰ পৰা জব্দ কৰিছিল৷ সেই সন্দৰ্ভত তথ্য লাভ কৰি চি আই ডিয়ে মোবাইল ফোনৰ ব্যৱসায়ীজনক সোধ পোছ কৰাৰ অন্তত যাবলৈ দিয়ে৷ ইয়াৰোপৰি আৰক্ষী অধীক্ষক গৰাকীৰ চালক দ্বীপজয় ৰয়ে সাধাৰণ দৰমহাৰ চাকৰি কৰিও দুটাকৈ লাখ টকীয়া আইফোন ব্যৱহাৰ কৰা বিষয়টিয়েও ৰাইজৰ চকু কপালত উঠাইছে৷ যিখন মোবাইল বিপনীৰ স্বত্তাধিকাৰীক কালি চি আই দিয়ে সোধপোছ কৰিছিল সেইখন দোকানৰ পৰা অতি কম দিনৰ ব্যৱধানতে বজালী আৰক্ষীয়ে কেবাটাও লক্ষাধিক টকা দামৰ আই ফোন ক্ৰয় কৰিছিল বুলিও জানিব পৰা গৈছে৷ ইপিনে শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি পাঠশালাৰ মোবাইল ফোনৰ ব্যৱসায়ীজনকো আজি আবেলি চি আই ডিয়ে গুৱাহাটীলৈ তলব কৰিছে৷ আনহাতে কালি তদন্তৰ সময়ত সম্প্ৰতি পাঠশালাৰ পৰা কোকৰাঝাৰলৈ বদলি হোৱা সহকাৰী পৰিদৰ্শক হৃষিকেশ দাসকো চি আই দিয়ে মাতি আনে আৰু তদন্তৰ অন্তত নিজৰ লগত গুৱাহাটীলৈ লৈ যায়৷ ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰি, বজালী জিলাৰ পূৰ্বৰ উপ-আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী ইনজামামুল হুছেইন, বজালী আৰক্ষী অধীক্ষকৰ গাড়ী চালক দ্বীপজয় ৰয়, অংশকালীন গাড়ীচালক নবিড় আহমেদ, তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববী সিঙৰ ওৰফে সুভাষ চান্দেৰৰ লগতে মধ্যভোগী কিশোৰ বৰুৱাক ইতিমধ্যে অপৰাধ অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি ঘটনাত জড়িত বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁই আৰু উপ-আৰক্ষী অধীক্ষক পুস্কল গগৈক তিনিদিন ধৰি সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ লগে লগে এই চুপাৰী ব্যৱসায়ীক ধন দাবী কাণ্ডৰ মুঠ নগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰা ঘটনা অসম আৰক্ষীৰ ইতিহাসত এক অন্যতম কলংকিত অধ্যায় হিচাপে চিহ্নিত হৈ ৰব বুলি বিভিন্ন মহলত আলেচিত হৈছে৷ ইপিনে এই সমগ্ৰ ঘটনাত নাম সাঙোৰ খোৱা বজালীত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰা অতি দুৰ্নীতিপৰায়ন আৰক্ষী বিষয়া পাটাছাৰকুছি থানাৰ প্ৰবেচনাৰী বিষয়া শংশাঙ্ক দাসক চি আই ডিয়ে বিভিন্ন সময়ত জেৰা চলোৱাৰ খবৰ লাভ কৰা গৈছে যদিও ঘোচখোৰ বিষয়াগৰাকীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত স্পষ্টকৈ একো জানিব পৰা হোৱা নাই৷ কালি পাঠশালাত তদন্তৰ সময়ত চি আই ডিৰ দলটিয়ে লগত লৈ অহা তদানীন্তন সহকাৰী পৰিদৰ্শক হৃষিকেশ দাসকো হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে বুলি বজালীৰ বিভিন্ন মহলত আজি চৰ্চা চলিছে৷ বজালী আৰক্ষীৰ এই ভয়ংকৰ কাণ্ডৰ পিছতে সততে ৰাইজক আইনৰ শিক্ষা দি ফুৰা অসম আৰক্ষীত কৰ্মৰত প্ৰতিগৰাকী দুৰ্নীতিপৰায়ন বিষয়া-জোৱানৰ বাবে যেন বজালী কাণ্ড এক উদাহৰণ হয় তাৰ কামনা কৰিছে সচেতন তথা দুৰ্নীতি বিৰোধী মহলে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like