🔹 ভাৰত জোড়ো ন্যায় যাত্রাত ৰাজহুৱা সম্পত্তি বিনষ্ট
বিশেষ বাৰ্তা, ২০ ফেব্রুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্রাৰ সময়ত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি তথা ৰাজহুৱা সম্পত্তি বিনষ্টৰ গোচৰত জেৰাৰ বাবে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চিআইডি)–এ চমন জাৰি কৰিছে সর্বভাৰতীয় কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীসহ ১১জন নেতালৈ৷ তদন্তকাৰী সংস্থাটোৰ পৰিদর্শক কালিখোচেহ ছিম্টেই যোৱা ১৭ ফেব্রুৱাৰীত জাৰি কৰা চমনত আটাইকেইজনকে অহা ২৩ ফেব্রুৱাৰীৰ পুৱা ১১.৩০ বজাত চিআইডিৰ উলুবাৰীস্থিত কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে৷ হাজিৰ হোৱাত তথা চমনত নির্দিষ্ট কৰি দিয়া চর্তসমূহ মানি চলাত ব্যর্থ হ’লে অপৰাধী প্রক্রিয়া বিধিৰ ৪১এ (৩)নং ধাৰাৰ অধীনত গ্রেপ্তাৰৰ ক্ষেত্রত দায়ী হ’ব বুলিও স্পষ্ট কৰি দিছে চিআইডিয়ে৷ প্রধানতঃ যোৱা ২৩ জানুৱাৰীত বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/১৪৩/১৪৭/২৮৩/২৫৩/৩৩২/৩৩৩/১৮৮/৪২৭ আৰু ৰাজহুৱা সম্পত্তি বিনষ্ট প্রতিৰোধ আইন–১৯৮৪ৰ আৰডব্লিউ ৩নং ধাৰাৰ অধীনত ৰুজু হোৱা ৫৫/২০২৪নং গোচৰটো সন্দর্ভত আটাইকেইজনলৈ এই চমন জাৰি কৰা হৈছে৷ ৰাহুল গান্ধীৰ উপৰি চিআইডিয়ে চমন জাৰি কৰাসকলৰ তালিকাত আছে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, জয়ৰাম ৰমেশ, জিতেন্দ্র সিং, চিডব্লিউচিৰ সদস্য তথা সাংসদ গৌৰৱ গগৈ, যুৱ কংগ্রেছৰ সর্বভাৰতীয় সভাপতি বি ভি শ্রীনিৱাস, এনএছইউআইৰ তত্ত্বাৱধায়ক কানহাইয়া কুমাৰ, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু প্রদেশ কংগ্রেছৰ নেতা ৰমেন কুমাৰ শর্মা৷ উল্লেখ্য যে ৰাহুল গান্ধীয়ে অসমত যোৱা ১৮ জানুৱাৰীত ভাৰত জোড়ো ন্যায় যাত্রা আৰম্ভ কৰিছিল৷ ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্রাত অংশ লোৱা সমদলকাৰীসকলে যোৱা ২৩ জানুৱাৰীত উপস্থিত হৈছিল গুৱাহাটীত৷ কিন্তু খানাপাৰাৰ দিশৰ পৰা সমদলকাৰীসকলে গুৱাহাটীত প্রৱেশক লৈ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয়৷ প্রশাসনে সমদলকাৰীসকলক খানাপাৰাৰ পৰা ৰাষ্ট্রীয় ঘাইপথেৰে জালুকবাৰী হৈ আমিনগাঁৱলৈ যোৱাৰ অনুমতি প্রদান কৰিছিল৷ কিন্তু প্রশাসনৰ বাধা–নিষেধ অমান্য কৰি সমদলকাৰীসকলে খানাপাৰাৰ পৰা ৰাষ্ট্রীয় ঘাইপথেৰে নগৈ বেলতলা–লাষ্টগেট–গণেশগুৰি হৈ জি এছ ৰোডেৰে আহিব বিচাৰে৷ এইক্ষেত্রত আনকি ৰাহুল গান্ধীৰ প্রত্যক্ষ প্রৰোচনাত ভাৰত জোড়ো ন্যায় যাত্রাত অংশ লোৱাসকলে খানাপাৰাত বেৰিকেড ভাঙি আৰক্ষীৰে হতাহতিত লিপ্ত হয় আৰু গুৱাহাটীত প্রৱেশৰ চেষ্টা চলায়৷ এটা সময়ত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে আৰক্ষীয়ে সমদলকাৰীসকলৰ ওপৰত লাঠীচালনা কৰিবলৈ বাধ্য হৈছিল৷ এই ঘটনাত কংগ্রেছৰ কেইবাজনো নেতা–কর্মীৰ সমান্তৰালভাৱে আৰক্ষীৰ লোকো আহত হয়৷ লক্ষণীয়ভাৱে ভাৰত জোড়ো ন্যায় যাত্রাত অংশগ্রহণকাৰী কংগ্রেছী আৰু আৰক্ষীৰ মাজত সংঘাত তীব্রতৰ হৈ পৰাৰ সময়ত ৰাহুল গান্ধীয়ে নিজৰ নির্দিষ্ট বাহনখনৰ ওপৰত থিয় হৈ সমগ্র পৰিস্থিতি চাই আছিল৷ এনে পৰিপ্রেক্ষিতত ৰাহুল গান্ধীৰ প্রৰোচনাতেই সমদলকাৰীসকলে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱা বুলি সন্দেহ ব্যক্ত কৰিছিল বিভিন্নজনে৷ কিয়নো চৰকাৰ–প্রশাসনে পূর্বৰ পৰাই সম্ভাব্য যান–জঁটৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটীৰ মাজমজিয়াৰ জি এছ ৰোড হৈ ভাৰত জোড়ো ন্যায় যাত্রাত অংশগ্রহণকাৰীসকল যোৱাৰ ক্ষেত্রত বাধা আৰোপ কৰিছিল৷ আনকি ইয়াৰ বাবে দিয়া হোৱা নাছিল অনুমতিও৷ অৱশ্যে প্রশাসনে বিকল্প হিচাপে খানাপাৰাৰ পৰা ৰাষ্ট্রীয় ঘাইপথেৰে জালুকবাৰী হৈ আমিনগাঁৱলৈ সমদলটোক পাৰ হৈ যোৱাৰ অনুমতি দিছিল৷ আনকি ৰাষ্ট্রীয় ঘাইপথেৰে সমদলটো আগবাঢ়ি যোৱাত যাতে বিশেষ অসুবিধাৰ উদ্ভৱ নহয় তাৰ বাবে সেইদিনা দিনৰ ভাগত জনসাধাৰণক পৰাপক্ষত ৰাষ্ট্রীয় ঘাইপথ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছিল প্রশাসনে৷ পিছে ইয়াৰ পাছতো ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্রাৰ সমদলকাৰীয়ে অনুমতিবিহীনভাৱে আৰক্ষীৰ বেৰিকেড ভাঙি গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে বলপূর্বকভাৱে অগ্রসৰ হ’ব বিচাৰিছিল৷ সমগ্র ঘটনাটোক লৈ সেইদিনাই বশিষ্ঠ থানাত ৫৫/২০২৪ নম্বৰৰ গোচৰটো ৰুজু হয়৷ পৰৱর্তী সময়ত এই গোচৰটোৰ তদন্তৰ ভাৰ অসম আৰক্ষীৰ মুখ্য কার্যালয়ে ন্যস্ত কৰে চিআইডিক৷ ইফালে, ৰাহুল গান্ধীসহ ১১ কংগ্রেছ নেতালৈ জাৰি কৰা চমনত কেতবোৰ নির্দেশনা মানি চলিবলৈ কোৱা হৈছে৷ সেই অনুসৰি তেওঁলোকে ভৱিষ্যতে কোনোধৰণৰ অপৰাধত লিপ্ত হ’ব নোৱাৰিব৷ গোচৰটোৰ প্রমাণ বিকৃত কৰিব নোৱাৰিব৷ গোচৰটোৰ তথ্যৰ সৈতে পৰিচিত যিকোনো ব্যক্তিকে ভাবুকি বা প্রতিশ্রুতি দিব নোৱাৰিব যাতে তেওঁ ভাষ্য প্রকাশৰ পৰা বিৰত থাকে৷ যেতিয়াই প্রয়োজন বা নির্দেশ দিয়া হয় তেতিয়াই আদালতত হাজিৰ হ’ব লাগিব৷ প্রয়োজন অনুসৰি গোচৰটোৰ তদন্তৰ ক্ষেত্রত সহযোগ কৰিব লাগিব৷ তদন্তত প্রয়োজন হোৱা সংশ্লিষ্ট নথি–পত্র বা সামগ্রী দাখিল কৰিব লাগিব৷ সহযোগীসকলক কৰায়ত্ত কৰাৰ ক্ষেত্রত সম্পূর্ণ সহযোগিতা আৰু সহায় আগবঢ়াব লাগিব৷ চিআইডিয়ে গোচৰটোৰ তদন্ত প্রক্রিয়াৰ সৈতে সম্পর্ক ৰাখি জেৰাৰ বাবে চমন জাৰি কৰাৰ পাছত নির্দিষ্ট দিনটোত ৰাহুল গান্ধী আৰু আন ১০জন নেতাই হাজিৰ হয় নে নহয়, সেয়া লক্ষণীয় হ’ব৷