নিয়মীয়া বাৰ্তা , ১ জুলাইঃ কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চিৰাঙৰ উপ নৈ সমূহ ওফন্দি উঠিছে। জিলা খনৰ অন্যতম খৰস্ৰোতা উপ নৈ ‘আই’ৰ কোবাল সোঁতে ভিন্ন স্থানত গৰাখহনীয়াৰ সৃষ্টি কৰিছে। আই নৈৰ বাঢ়নী পানীয়ে হাগ্ৰামা দলঙৰ নিচেই ওচৰৰ ছোট আমগুৰী আৰু ওদালগুৰি গাঁৱৰ সীমাত মথাউৰিৰ এটা বৃহৎ অংশ চিগি নিছে । ফলত অঞ্চলটোৰ দহখনকৈ গাঁও বানপানীৰ কবলত পৰাৰ আশংকা কৰা হৈছে। দহখনকৈ গাঁৱক বানপানীৰ পৰা সুৰক্ষা প্ৰদান কৰি অহা মথাউৰিটো বিগত ২৪ ঘন্টাৰ ভিতৰত প্ৰায় এশ মিটাৰ অংশ চিগি লৈ যোৱাৰ ফলত অঞ্চলৰটোৰ ৰাইজে তীব্ৰ আতংকত ভুগিছে । স্থানীয় লোকৰ মতে এই বছৰ আই নৈৰ বানপানী আৰম্ভ হোৱাই নাই। তাৰ আগতেই এনেদৰে গৰাখহনীয়াই মথাউৰি চিগি যি পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ মাজতে যদি এই কেইদিনত ভিতৰত ভূটানৰ পৰা পানীৰ ঢল নামি আহি আই নৈত বানপানী সৃষ্টি কৰে, তেনেহ’লে আই নৈয়ে গতি সলনি কৰি অঞ্চলটোৰ বাবে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব। বিশেষকৈ এক নং ছোট আমগুৰী ,দুই নং আমগুৰী, ওদালগুৰি, গেদাবজাৰ, এক আৰু দুই নং ডাউখানগৰ, সন্ন্যাসী বজাৰ আদি দহখন গাঁও আই নৈৰ বানপানীৰ কবলত পৰিব । ফলস্বৰূপে এই কেইখন গাঁৱৰ কেইবা সহস্ৰাধিক লোক গৃহহাৰা যে হ’ব এইটো প্ৰায় নিশ্চিত বুলি আশংকা প্ৰকাশ কৰে । এই বানৰ কবলৰ পৰা বাদ নপৰিব ৰৌমাৰীস্থিত বাবা ৰামদেৱৰ পতঞ্জলী গো-অনুসন্ধান কেন্দ্ৰটো। আই নৈৰ ভয়াবহ বানপানী অহাৰ আগতেই অসম চৰকাৰ তথা বৰ্তমানৰ বিটিচিৰ শাসনৰ দায়িত্বত থকা ৰাজ্যপালক অতি শীঘ্ৰে চিগি যোৱা মথাউৰিটো মেৰামতি কৰি গাঁওবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ।
আনফালে আগন্তুক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত চিৰাং জিলা সদৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত আজি এখন পৰ্য্যালোচনা সভা অনুষ্ঠিত হয় । সভাত উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য বিভাগ, জলসম্পদ, গড়কাপ্তানী, গ্ৰামোন্নয়ণ, জনস্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান বিভাগকে আদি কৰি সকলো বিভাগৰ বিষয়া সকল উপস্থিত থাকি আগন্তুক বান পৰিস্থিতি মোকাবিলা কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। আজিৰ সভাত আই নৈৰ ছোট আমগুৰীৰ চিগি যোৱা মথাউৰিৰ বিষয়টোৰ ওপৰত অধিক গুৰুত্ব সহকাৰে আলোচনা কৰা হয় আৰু কম সময়ৰ ভিতৰতে চিগি যোৱা মথাউৰিৰ অংশটো মেৰামতি কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জিলা প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিয়ে।