নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ চিৰাং জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি বিটিচিৰ দায়িত্ব গ্ৰহণ কৰা
অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী য়ে জিলা খনৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে জিলা খনৰ বিজনী মহকুমাৰ দুটাকৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় | বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ হোৱাৰে পৰা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে নিয়মিতভাৱে বিটিচিৰ চাৰিওখন জিলাত ভ্ৰমণ কৰি সামগ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। বিটিচিৰ শাসনভাৰ লোৱাৰ পাছত চিৰাং জিলাত ৰাজ্যপালৰ এইটো দ্বিতীয়টো ভ্ৰমণ পাঁচ জুনত বিশ্ব পৰিৱেশ দিৱসৰ দিনা চিৰাঙত আৰম্ভ কৰা সেউজ অভিযান কাৰ্যসূচীত তেওঁ অংশ গ্ৰহণ কৰিছিল | চিৰাঙত সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত আজি বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে | আজি দুপৰীয়া ১২ বজাত চিৰাং জিলাৰ আই নদীৰ ওপৰত থকা হাগ্ৰামা দলঙৰ উত্তৰে পলাংশুগুৰিত আই নৈৰ অব্যাহত থকা বান খহনীয়া পৰিদৰ্শন কৰে | তেওঁ জিলা খনৰ আই আৰু নাঙলভাঙা নদীৰ গৰাখহনীয়া আৰু ইয়াৰ প্ৰতিকাৰৰ বুজ । তাৰ পিচতে পোনে পোনে আই নৈয়ে ক্ষতিগ্ৰস্ত কৰা গাঁৱৰ পৰা বৰ্তমানলৈ বিজনী মহকুমাৰ মালিপাৰা এম ই স্কুল আৰু দঙাপেটা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰি থকা শিবিৰ দুটা পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত থকা পুৰুষ -মহিলা, শিশু সকলৰ খাদ্য যোগান সন্দৰ্ভত শিবিৰত থকা লোক সকলৰ স’তে মত বিনিময় কৰে |
সংবাদ মাধ্যমৰ আগত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অসমৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ কথা প্ৰকাশ কৰে । তেওঁ কয়, অসমৰ কৃষকৰ যি সমূহ ভূমি গৰাখহনীয়াত জাহ যায় তাৰ বিনিময়ত কোনো ক্ষতিপূৰণ লাভ নকৰে কৃষকে । এই বিষয়ত আশ্চৰ্য প্ৰকাশ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ স’তে প্ৰতিবেদন পঠিয়াই বিষয়টো আলোচনা মৰ্মে কৃষকৰ মাটিৰ ক্ষতিপূৰণ আদায় দিয়া সন্দৰ্ভত আশ্বাস প্ৰদান কৰাৰ লগতে চুবুৰীয়া ভূটান ৰাষ্ট্ৰৰ পৰা প্ৰতি বছৰে অহা পানীয়ে অসমৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো প্ৰতি বছৰে বিস্তৰ ক্ষতি সাধন কৰি অহাত ইয়াৰ স্থায়ী সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে । চিৰাং জিলাত আই নৈয়ে বছৰি বিস্তৰ ক্ষতিসাধন কৰি অহাত বান আৰু খহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ চিৰাং জিলা গোটৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ বসুমতাৰীয়ে আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ হাতত কেবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে |