নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চিৰাং ভ্ৰমণঃ বুজ ললে বান পৰিস্থিতিৰ

নিয়মীয়া বাৰ্তা,২১ জুলাই: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিৰাং জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে। বঙাইগাঁও শোধনাগাৰৰ অতিথিশালাত কালি নিশা কটোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে আজি পুৱাৰ ভাগত হাগ্ৰামা দলঙৰ উত্তৰ দিশত আই নদীৰ খহনীয়াৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধ কৰিবলৈ লোৱা ব্যৱস্থাৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত তুলসীঝোৰা গাঁৱৰ বান ক্ষতিগ্ৰস্ত লোক সকলৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত মোজৰাপাৰা প্ৰাথমিক বিদ্যালয় আৰু নোৱাপাৰা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা বন্যাৰ্তশিবিৰত আশ্ৰয় গ্ৰহন কৰা লোক সকলৰে মিলিত হৈ শিবিৰবাসীয়ে লাভ কৰা সা-সুবিধাৰ বুজ লয়। অঞ্চলটোৰ বান পৰিস্থিতিৰ জোৰা মাৰিবলৈ জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ আৰু জলসম্পদ বিভাগে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত খহনীয়া ক্ষতিগ্ৰস্ত ঠাই সমূহত গ্ৰহণ কৰা পদক্ষেপৰো বুজ লয়। চিৰাং জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱা সময়ত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, পৰ্যতন আৰু ভৈয়াম জনজাতি আৰু পিছপৰা জাতি কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীও উপস্থিত থাকে ।

You might also like