নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত মহিলাৰ ৰহস্যজনক আত্মহত্যা চাঞ্চল্য হত্যাৰ সন্দেহ আছা -এছুৰ

নিয়মীয়া বাৰ্তা ২৫ মেঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে আজি চিৰাঙত এগৰাকী মহিলাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে চিদলী থানাৰ অন্তৰ্গত শিলিখাগুৰি কয়লাগাঁৱৰ দিপেন বসুমতাৰীৰ গৃহত ৰহস্যজনকভাৱে চম্পা মুৰ্মু (৩২) নামৰ মহিলাগৰাকীয়ে নিজৰ পাঞ্চীৰে চিপলৈ আত্মহত্যা কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে মহিলা গৰাকী জিলাখনৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত ডোমগাঁৱৰ মংগল মুৰ্মুৰ জীয়ৰী । ২০০৮ চনতেই মহিলাগৰাকী ৰুণিখাতা আৰক্ষী থানাৰ অন্তৰ্গত থাইকাঝোৰাৰ বাবুলাল কিস্কুৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হয় । স্বামীৰ মৃত্যুৰ পিছত মহিলা গৰাকীয়ে নিজ পিতৃগৃহত আশ্ৰয় লয় । বিগত তিনিমাহ ধৰি পিতৃগৃহত বসৱাস কৰা মহিলাগৰাকীয়ে ৰবিবাৰে সন্ধিয়া হঠাতে ৭:৩০ মান বজাত ঘৰৰ পৰা ওলাই যায় । নিশা দেৰিলৈকে উভতি নহাত পিতৃগৃহৰ মানুহে ওচৰে পাজৰে বিচাৰ খোচাৰ কৰে যদিও নিশাৰ ভাগত তাইৰ কোনো সন্ধান নাপালে। আচৰ্যজনক ভাবে আজি পুৱা ৫ : ৩০ মান বজাত দিপেন বসুমতাৰীয়ে গোহালিৰ পৰা গৰু পথাৰলৈ নিবৰ বাবে গোহালি লৈ যোৱাৰ সময়ত মহিলাগৰাকীৰ মৃতদেহটো চিপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ।
ঘটনা সন্দৰ্ভত দিপেনে গাঁৱৰ মানুহৰ লগতে গাওঁৰক্ষী বাহিনীক আৰু চিদলী আৰক্ষীক অৱগত কৰে । ঘটনাস্থলীত চিদলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুজ্যোতি নাথ আৰু চি আই ৰুস্তমৰাজ ব্ৰহ্ম উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে। পিছত দণ্ডাধীশ প্ৰাৰ্থ প্ৰতিম বৰুৱাৰ উপস্থিতিত মহিলা গৰাকীৰ মৃত্যুদেহটো উদ্ধাৰ কৰি মৰোণত্তোৰ পৰীক্ষাৰ বাবে কাজলগাওঁ জে এছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উক্ত ঘটনা সন্দৰ্ভত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাকাৰীয়াছ চৰেনে ৰহস্যজনক এই ঘটনাটোক আত্মহত্যা বুলি সহজে মানি লব পৰা নাই বুলি মন্তব্য কৰে । ঘটনাৰ আঁৰত ৰহস্য লুকাই আছে বুলিও ছাত্ৰ নেতাজনে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ আঁৰত কোনো দুষ্কৃতিকাৰী জড়িত থাকিলে তাক কঠোৰ শাস্তি বিহিবলৈ ছাত্ৰনেতা চৰেণে প্ৰশাসনক দাৱী জনাইছে । আনহাতে সদৌ চাওতাল ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ সভাপতি চলেমান মুৰ্মু আৰু ৰাজেশ টুডুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দোমগাঁৱৰ পৰা ৫ কিল’মিটাৰ দূৰলৈ আহি আত্মহত্যা কৰাটো ৰহস্যকৰ কথা । গতিকে আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰি কোনোবা জড়িত থাকিলে তাক কোঠৰ শাস্তি দিয়াৰ লগতে মহিলা গৰাকীৰ ঘাতমাউৰা তিনি সন্তানক এককালীন সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাৱী জনায় । নিখিল বড়ো ছাত্ৰ সন্থাৰ চিদলী কাশিকোত্ৰা আঞ্চলিক সমিতিৰ সভাপতি দৈথুন বসুমতাৰীয়ে মহিলাগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰে। এই ঘটনাটোক সাম্প্ৰদায়িক ৰূপ নিদিবলৈ সকলো পক্ষকে এবছু নেতা জনে আহ্বান জনায় ।।

You might also like