নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীত কণ্টেইনমেন জ’ন নামানে একাংশ অসচেতন লোকেঃ কভিড-১৯ ক লৈ চলিছে লৰা ধেমালি

প্ৰশাসনেও গুৰুত্ব নিদিয়াৰ অভিযোগ দল সংগঠনৰ

নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ চিৰাং জিলাৰ বিজনীত কভিড-১৯ একাংশ লোকৰ লৰা ধেমালি যেন হৈ পৰা পৰিলক্ষিত হৈছে। বিজনী মহকুমা প্ৰশাসনে বিজনী চহৰৰ ৪ নং ৱাৰ্ডৰ হৰিজন পট্টি এলেকাটো কণ্টেইনমেন জ’ন ঘোষনা কৰি কভিড বোৰ্ড লগাইছে। কিন্তু ইয়াৰ মাজতে উক্ত অঞ্চলৰ বাসিন্দাই কণ্টেইনমেন জ’ন নামানি প্ৰতিদিনে ওলাই আহিছে বিজনী চহৰলৈ। একাংশই চলাই গৈছে মাংসৰ ব্যৱসায়। যাৰ ফলত বিজনী মহকুমাত সামাজিক সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে বিজনীৰ সচেতন লোক আৰু দল সংগঠনে।উল্লেখ্য যে চাৰিদিন আগতে বিজনীৰ ৪ নং ৱাৰ্ডৰ হৰিজন পট্টিৰ বাসিন্দা তথা ভেটাগাঁও সামুহিক স্বাস্থ্য কৰ্মী শংকৰ বাসফৰৰ কৰ্তব্যৰত অৱস্থাতে গাত ধৰা পৰিছিল কভিড-19 পজিটীভ। যাৰ পৰিপ্ৰেক্ষিতত বিজনী মহকুমা প্ৰশাসনে কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰিছে উক্ত অঞ্চলটো ।

You might also like