বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ প্ৰতিগৰাকী লোকৰ মাজত অন্তনিৰ্হিত হৈ থাকে অসাধাৰণ ব্যক্তিত্ব, ক্ষমতা আৰু উদ্যম। এই সমস্ত গুণৰাজিক নিজৰ ভিতৰৰ পৰা উলিয়াই বহি:প্ৰকাশ ঘটোৱাৰ বাবে চেষ্টা কৰা উচিত। ৰূপকোঁৱৰৰ কালজয়ী গীতৰ কথা ‘আমি পালো জীৱনৰ অৰ্থ অভিনৱ’। উপনিষদৰে এক সুন্দৰ বিশ্লেষণৰে জীৱনক এবাৰ হলেও নিভৃত কোণৰ পৰা হৃদয়ঙ্গম কৰা উচিত বুলি ৰামকৃষ্ণ পৰমসংহ, স্বামী বিবেকানন্দ তথা শ্ৰীঅৰবিন্দৰ অনুগামী তথা সুবক্তা দিগন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ চিটি কলেজত আয়োজিত এক মনোজ্ঞ আলোচনা চক্ৰত উল্লেখ কৰে। ডিব্ৰুগড়ৰ চিটি মহাবিদ্যালয়ৰ নন্দলাল বৰগোহাঁই প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ আই কিউ এ চি গোটৰ উদ্যোগত জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা শীৰ্ষক এক মনোজ্ঞ বক্তৃতা অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক-অধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ নিৰঞ্জন বৰাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাই উপস্থিত সকলোকে বিনয়ীভাৱে অভিবাদন জনাই সকলোকে কয়- মই কোনো পণ্ডিত প্ৰবৰ নহয়, তেনেহ’লে কিয় মই এনে ধৃষ্টতা কৰিছো। বা মই কোনো বক্তাও নহয়। অসতুমা সৎ গময়, তমসু মা জ্যোতিৰ্গময়; মৃত্যৰ মা অমৃতম গময়। আমি অমৃতৰ সন্তান হব বিচাৰো।পাশ্চাত্যৰ সভ্যতাত সৰ্ব্বোচ মানৱ জীৱনৰ লক্ষ্য হল এজন শ্ৰেষ্ঠ মানৱ হোৱা। অৰ্থাৎ ন’ৰৰ পৰা নৰোত্তম হব বিচাৰো বুলি বক্তা দিগন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি পুনৰ কয় যে ভাৰতীয় সংস্কৃতি আৰু সভ্যতাই শ্ৰেষ্ঠ মানৱ হোৱাতো নকয়। আমাৰ সভ্যতাই নৰোত্তমৰ কথাহে ব্যক্ত কৰি নাৰায়ণৰ কথাকে কয় বুলি দৰ্শক-শ্ৰোতাৰ আগত সদৰী কৰে। শৰ্মাই শিক্ষা আৰু আধ্যাত্মিকতাৰ সংযোগৰ মাজেৰে প্ৰকৃত জ্ঞান লাভ কৰাৰ ইংগিত প্ৰদান কৰি সভাত উপস্থিত থকা বিশেষকৈ ছাত্ৰ- ছাত্ৰী আৰু শিক্ষাগুৰু সকলক কয় যে শিক্ষাৰ প্ৰধানতঃ তিনি উপাদান আছে। প্ৰথমেই জ্ঞানৰ সন্ধান কৰা, দ্বিতীয়তে জ্ঞানৰ উপলব্ধি কৰা আৰু তৃতীয়তে অন্বেষণ বা আসক্তি। উপনিষদৰ কথা ৰূপকোঁৱৰৰ গীতত প্ৰতিফলিত হোৱা বুলিও উল্লেখ কৰি উপনিষদৰ আলম লৈ বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাই কয়- তাহানি ভাৰতীয় সভ্যতা-সংস্কৃতিত যজ্ঞ কৰাৰ নিয়ম আছিল। যজ্ঞৰ পাছতে দান দিব লাগে।নাছিকেতাৰ পিতৃয়েও যজ্ঞৰ পাছত নিজৰ বাবে অপ্ৰয়োজনীয় সামগ্ৰীবোৰ দান দিছিল।তেতিয়াই ১০ বছৰীয়া নাছিকেতাই পিতৃক সুধিছিল যে তাক কাৰ ওচৰত দান দিছে।যেতিয়া য’মৰ ওচৰত দান দিয়া বুলি কোৱাত,নাছিকেতা গৈ য’মৰ দুৱাৰ পালেগৈ। তাতে তিনি দিন,তিনি ৰাতি নাছিকেতাই অনাসাৰে,অনিদ্ৰাৰে কটালে।য’ম নিজ গৃহলৈ ঘূৰি অহাত নাছিকেতাক এনেদৰে দেখি স্তম্ভিত হৈ ক্ষমা ভিক্ষা বিছাৰে আৰু নাছিকেতাৰ এনে কাৰ্যত মোহিত হৈ য’মে তিনি বৰ দিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হল।এনেদৰেই যমৰ সৈতে বহু যুক্তি-প্ৰশ্নৰ অৱতাৰনা হল নাছিকেতাৰ।য’মে দিয়া তিনি বৰৰ ভিতৰত নাছিকেতাই বিচৰা আত্মাৰ জ্ঞান দিবলৈ যমে কুণ্ঠাবোধ কৰিছিল যদিও শেহত দিবলৈ বাধ্য হৈছিল।শৰ্মাই কয় যে আমাৰ জীৱনৰ অভিযাত্ৰা মৃত্যু নহয়,আমাৰ লক্ষ্য মৃত্যু নহয়।অমৰত্ব আমাৰ লক্ষ্য হোৱা উচিত।যদিও সম্ভৱ নহয় বুলি মত পোষণ কৰে।জীৱন,যৌৱন,মৃত্যুৱেই জীৱনৰ শেষ লক্ষ্য হোৱা অনুচিত বুলি ব্যক্ত কৰি দিগন্ত বিশ্ব শৰ্মাই কয়– নাচিকেতা,আমাৰ সকলোৰে মাজত আছে।নাচিকেতাৰ দৰে দৰ্শন আমাৰ সকলোৰে মাজত আছে।মাথোঁ তাক বিছাৰি লবলৈ জানিব লাগিব।নাচিকেতাৰ দৰে উচ্চ আকাংক্ষা থকাতো জীৱনত খুৱেই প্ৰয়োজনীয়।এই বিশ্বত ৭০০ কোটিৰ অধিক নাছিকেতা থকাৰ কথা উল্লেখ কৰি নাছিকেতাৰ দৰে জীৱন দৰ্শন,আৰ্দশ আৰু স্থিতপ্ৰজ্ঞ হোৱাতো বাঞ্ছনীয় বুলি মত পোষণ কৰে শৰ্মাই।মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত বক্তৃতা অনুষ্ঠানত চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সঞ্জীৱানন্দ বৰগোহাঁই,উপাধ্যক্ষ ড° মানসী গগৈ বৰগোহাঁই,ভদ্ৰেশ্বৰ বৰুৱাকে প্ৰমুখ্যে কৰি গৰিষ্ঠ সংখ্যক অধ্যাপক,কৰ্মচাৰী আৰু শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা মনোজ্ঞ বক্তৃতা অনুষ্ঠানত গীতাৰ শ্লোক তথা অশ্বত্থমা আৰু শ্ৰীকৃষ্ণৰ মাজত সৃষ্টি হোৱা এক সংঘাত বৰ্ণনাৰে কয় যে অশ্বত্থমাই নিজ শক্তি বৃদ্ধিৰ বাবে শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ বিচাৰিবলৈ গৈ অশ্বষ্ঠমাই সেই, চক্ৰ দাঙিবকে নোৱাৰিলে।কিয়নো অশ্বত্থমাৰ কোনো শ্ৰদ্ধা নাছিল।সেয়ে দেখাত নিচেই পাতল সুৰ্দশন চক্ৰ অশ্বত্থমাই লৰচৰ কৰিব নোৱাৰিলে। অৰ্থাৎ জ্ঞান শক্তিৰ দ্বাৰা নাপায়,বুদ্ধিৰ দ্বাৰা নাপায়,মেধাৰ বলত নাপায়।জ্ঞান- শ্ৰদ্ধাৰ দ্বাৰাহে লাভ কৰিব পাৰি।শ্ৰদ্ধা হৈছে অন্তৰাত্মাৰ সংকল্প; মগজুৰ দ্বাৰা বিকশিত নহয় বুলি দিগন্ত বিশ্ব শৰ্মাই, উল্লেখ কৰে। তেওঁ পুনৰাই কয় যে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ লগত আমাৰ আত্মাৰ কোনো সৰ্ম্পক নাই।আজিৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক কেৱল প্ৰতিযোগিতাৰ পাছত দৌৰিব শিকাইছে।একোজন শিক্ষাৰ্থীৰ মূল্যাংকনে, তেওঁৰ জ্ঞান বা শিক্ষাৰ মাপকাঠি নিৰ্দ্ধাৰণ নকৰে বুলি সদৰী কৰি আত্মাৰ সৈতে যদি শিক্ষাক জৰিত কৰিব নোৱাৰি, তেনেহ’লে সেয়া সৰ্ব্বোচ নহয় বুলিও উল্লেখ কৰে বক্তা শৰ্মাই। তেওঁ পুনৰাই কয় যে আজিৰ শিক্ষা ব্যৱস্থা বিদ্যাৰ্থীকেন্দ্ৰীক শিক্ষা ব্যৱস্থা নহয়।আমাৰ শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰীক। ভাল নম্বৰো লাভ কৰে,ভাল চাকৰি-দৰমহা পায়।অৱশেষত কেতিয়াবা আত্মহত্যাও কৰিব লগা হয়। শিক্ষা,ধন,যশ,ঐশ্বৰ্য,বিভূতিয়ে মনৰ প্ৰশস্তি আনিব নোৱাৰে।যিমানেই আমাৰ শিক্ষা,ঐশ্বৰ্য নাথাক এই মানুহবোৰ কিহক লৈ বা কি প্ৰাপ্তিৰে চৰম সুখ লাভ কৰিব পাৰে,সেয়া কোনেও নিৰ্দ্ধাৰণ কৰিব পৰা নাই।কাৰণ এটাই;কাৰণ তেওঁৰ আত্নাৰ সতে বিদ্যাৰ কোনো সৰ্ম্পক নাই বুলি উল্লেখ কৰি কয় —আজিৰ শিক্ষা ব্যৱস্থাই সকলোকে চাকৰিমুখী কৰি তুলিছে বুলি সদৰি কৰি মহাযোগী অৰবিন্দৰ উদ্ধৃতি দি কয়- যদি কোনো এজন লোকৰ প্ৰকৃত জ্ঞান থাকে,তেন্তে তেওঁৰ বাবে এটা কৰ্ম নিশ্চিত। আধুনিক মানুহে বিজ্ঞানক প্ৰশয় দিয়ে; বিজ্ঞান জনাৰ বাবে নহয়।আধুনিক মানুহে দৰ্শন,শাস্ত্ৰ,সংস্কৃতিক কিয় গুৰুত্ব নিদিয়ে?কিয়নো সংস্কৃতিয়ে মানুহৰ জীৱন স্বাচ্ছন্দ্য কৰি নোতোলে।সংস্কৃতিয়ে মানুহক মানসিকভাৱে বহু ধণী কৰি তোলে বুলি অভিমত প্ৰকাশ কৰি বৰ্তমানে সামাজিক ব্যৱস্থাত শিক্ষাৰ সৈতে আধ্যাত্মিকতা কিমান গুৰুত্বপূৰ্ণ সেয়া প্ৰকাৰান্তৰে সকলোকে বুজাই কয়।আন্তৰিক পৰিপূৰ্ণতা অবিহনে জীৱনত পৰিপূৰ্ণতা আহিব নোৱাৰে বুলি শৰ্মাই ব্যক্ত কৰি কয় যে আমি এতিয়াও প্ৰেমৰ পৰিৱৰ্তে ঘৃণা,আত্মসন্তুষ্টি। জ্ঞানৰ বিপৰীতে ইন্দ্ৰিয়বোধ,ভুল-ভ্ৰান্তি।আনন্দৰ বিপৰীতে বিষাদগ্ৰস্ত শক্তিৰ বিপৰীতে দুৰ্ৱলতা,পৰাজয়পূৰ্ণ বিজয়।একত্বৰ বিপৰীতে সংঘৰ্ষ আৰু জীৱন মানে কেৱল জন্ম বৃদ্ধি আৰু মৃত্যুতে সীমাবদ্ধ বুলি কৈ জীৱনৰ ভিতৰচৰাত এবাৰ নিজকে বিচাৰি চাবলৈ আহবান জনায় বিশিষ্ট বক্তা দিগন্ত বিশ্ব শৰ্মাই।শেষত শলাগৰ শৰাই আগবঢ়াই চিটি কলেজৰ উপাধ্যক্ষ ড° মানসী গগৈ বৰগোহাঁয়ে।
প্ৰেৰক বিভাস দুৱৰা