নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা ৮ বজাত বন্ধ মহানগৰীৰ সমীপৰ ঠাকুৰকুছিৰ ধাবা

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ প্ৰাগজ্যোতিষপুৰ থানাৰ অন্তৰ্গত ঠাকুৰকুছিত থকা ধাবাসমূহ নিশা ৮ বজাত বন্ধ কৰাৰ কঠোৰ সকীয়নি প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। বুধবাৰে ধাবা কৰ্তৃপক্ষ, ঠাকুৰকুছি গাওঁ কল্যান সমিতি আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ মাজত অনুষ্ঠিত এখন ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত অনুসৰি এই সকীয়নি প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। উল্লেখ্য যে ঠাকুৰকুছিৰ খামৰেঙা বিলৰ পাৰত কাঠফুলাৰ দৰে গঢ়ি উঠা ধাবাসমূহত অবৈধ জুৱা-মদৰ আড্ডাৰ উপৰি বিভিন্ন সামাজিক কাৰ্য চলি থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।তাৰ মাজতে  যোৱা ১ চেপ্তেম্বৰত ৱাইল্ড উদ্ নামৰ ধাবাখনত মাজনিশা যুৱক-যুৱতীৰ মাজত মাৰপিটৰ ঘটনা তথা এক অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।তাৰ পিছতে বিশেষভাৱে স্থানীয় গাওঁ কল্যান সমিতি সৰৱ হৈ উঠে। সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনো বিষয়টো গুৰুত্ব আৰোপ কৰাত বুধবাৰে কৃষ্ণ-কমলা ভৱনত ধাবাৰ স্ববাধিকাৰীসকলক লৈ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নিশা ৮ বজাত সকলো ধাবা বন্ধ কৰাটো বাধ্যতামূলক বুলি সিদ্ধান্ত গ্ৰ্হণ কৰে ।লগতে উচ্চ স্বৰত ডিজে আদি বজোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰাৰ লগতে অবৈধ  মদ- জুৱাৰ আড্ডা বন্ধ কৰাৰ বাবেও সকীয়নি প্ৰদান কৰা হয় সভাৰ জৰিয়তে।এই দিশ সমূহ গাওঁখনৰ গাওঁৰক্ষী বাহিনীৰ সদস্যক চোৱা-চিতাৰ দায়িত্ব দিয়ে সভাই।কোনো ধাবাৰ মালিকে এই সিদ্ধান্তক আওকান কৰিলে সেই ধাবা কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনগত ব্যবস্থা লোৱাৰ বিষয়েও সিদ্ধান্ত লোৱা হয় উক্ত ত্ৰিপাক্ষিক বৈঠকত। উল্লেখ্য যে সভাখনত দহখন ধাবাৰ স্ববাধিকাৰী ,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, গাওঁৰক্ষী বাহিনী আৰু গাওঁ কল্যান সমিতিৰ বিষয় ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
প্ৰেৰক বিভাষ দাস
You might also like