নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ফেব্ৰুৱাৰীঃ আপুনি বাৰু যান-বাহনৰ যাৱতীয় কৰ এতিয়াও পৰিশোধ কৰা নাই নেকি? আজিয়ে অনলাইনযোগে অথবা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিয়ক। অন্যথা যিকোনো মুহূৰ্তত হাতত কৰ অনাদায়ী যান বাহনৰ সবিশেষ তথ্য লৈ আপোনাৰ দুৱাৰমুখত সদলবলে উপস্থিত হ’ব পৰিবহণ বিভাগৰ বিশেষ অভিযানকাৰী বিষয়া। কিয়নো কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে স্বয়ং ৰাজধানী মহানগৰখনত চূড়ান্ত কৰফাঁকিৰে ৰাজপথত বেপৰোৱাভাৱে চলা ১০ হাজাৰৰো অধিক কৰ অনাদায়ী যানবাহনৰ গৰাকীলৈ যানবাহন কৰ আইনৰ অধীনত জৰুৰী জাননী প্ৰেৰণ কৰি শীঘ্ৰে কৰ আদায়ৰ বাবে সকীয়নি দিছে । ইফালে কেইবা শতাধিক আবাসত পৰিবহণ বিভাগৰ বিশেষ অভিযানকাৰী দল অতৰ্কিতে প্ৰবেশ কৰি অনতিপলমে যানবাহনৰ কৰ পৰিশোধ নকৰিলে আগন্তুক দিনত সন্মুখিন হ’বপৰা ভয়ংকৰ অৱস্থাৰ কৰা সোঁৱৰাই দিয়ে। সময়মতে যানবাহনৰ কৰ পৰিশোধ নকৰি নিজকে ধোঁৱা তুলসীৰ পাত সজোৱা ১০ হাজাৰ যানবাহনৰ গৰাকীৰ নামসহ সবিশেষ তথ্য খুউব কমদিনৰ ভিতৰতে ৰাজহুৱা কৰা হ’ব বুলিও বিশেষ সূত্ৰে জানিব পাৰি ৷ উল্লেখ্য যে, এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে ৰাজ্যৰ উন্নয়নত প্ৰতিখন বাহনৰ গৰাকীৰে ভূমিকা অপৰিসীম। এই সন্দৰ্ভত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে, তাহানিৰ ৰজা-মহাৰজাৰ দিনৰ পৰাই ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত কৰ- কাটল দিয়াটো প্ৰজাৰ নিয়ম। আমি সকলোৱে জানো যে দেশৰ দায়িত্বশীল নাগৰিক সকলে আইনগতভাৱে নিৰ্ধাৰিত চৰকাৰী কৰ কাটলসমূহ সঠিক সময়ত নিয়মীয়াকৈ পৰিশোধ কৰি দেশৰ উন্নয়ন সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্য তথা এখন কল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেটি সবল কৰাত জনসাধাৰণৰ এই সহযোগিতা সদায় এক অমূল্য অবদান হিচাপে স্বীকৃত হৈ আহিছে। এনেক্ষেত্ৰত ৰাজ্য তথা দেশৰ উন্নয়নত প্ৰতিখন বাহনৰ গৰাকীয়ে নিজৰ অবদানৰ কথা ভাবি গৌৰৱ কৰাৰ লগতে এই মহৎ কাৰ্যৰ ভাগিদাৰ হৈ থাকিবলৈ নিজকে সমৰ্পিত কৰি ৰাখিব লাগে। কিয়নো যানবাহন আইনৰ নীতি-নিয়ম উলংঘা কৰিলেই বিপদ। সময়মতে কৰ পৰিশোধ কৰি নথিপত্ৰ নৱীকৰণ নকৰিলে বাহনখন অবৈধ বুলি বিবেচিত হয়। এনে বাহন চলাই যদি কোনো দুৰ্ঘটনাত পতিত হয়, ভগৱানে নকৰাওঁক কোনো লোক যদি সেই দুৰ্ঘটনাত হতাহত হয় তেন্তে ঘৰ-মাটি বিক্ৰী কৰি হ’লেও বাহনৰ গৰাকীয়ে সমস্ত ক্ষতিপূৰণ দিব লাগিব৷ কিয়নো নথিপত্ৰ সঠিক হৈ নথকা বাহনৰ বিপৰীতে বীমা কোম্পানীয়ে ক্ষতিপূৰণ নিদিবও পাৰে। সেয়ে নিজৰ বাহনৰ সক্ষমতাকলৈ নিশ্চিত হোৱাৰ লগতে পথেৰে চলাচল কৰা সকলোৰে প্ৰতি দায়বদ্ধ হ’ব লাগিব যানবাহনৰ গৰাকী। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক দিয়া নিৰ্দেশনাত পথৰ যিকোনো আসোঁৱাহ, বিসঙ্গতি আদি দূৰ কৰি সকলো দিশতে সুচল ব্যৱস্থা গঢ়ি তোলা সন্দৰ্ভত আৰক্ষী প্ৰশাসন, আবকাৰী, লোকনিৰ্মাণ, ৰাষ্ট্ৰীয় পথ নিৰ্মানকাৰী সংস্থা আদি গুৰুত্বপূৰ্ণ বিভাগসমূহে অহৰহ চোকা দৃষ্টি ৰাখিছে। একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত ৰাজহ সংগ্ৰহকাৰী বিভাগসমূহক পানীনসৰকা ব্যৱস্থাৰে ৰাজহ সংগ্ৰহত মনোনিৱেশ কৰিবলৈ দিয়া নিৰ্দেশনাত যানবাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শকৰ দলে নিৰন্তৰ সজাগতা সৃষ্টিৰ সমান্তৰালভাৱে দিনে-নিশাই নিছিদ্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে। ইফালে বিশেষ অভিযানকাৰী দলটোৱে বিগত সময়চোৱাত মহানগৰীৰ ফেন্সীবজাৰ, আদাবাৰী, আঠগাওঁ, গণেশগুৰি, চানমাৰি, বশিষ্ঠ চাৰিআলি, চন্দ্ৰপুৰ, লখৰা, জালুকবাৰী, ভৰলু, পাণ্ডু, পল্টনবজাৰ, খানাপাৰা, নাৰেংগী, আজাৰা, ধাৰাপুৰ, যোৰাবাট, ক্ষেত্ৰী আদি গুৰুত্বপূৰ্ণ স্থানত ব্যক্তিগত-ব্যৱসায়িক বাহনৰ গৰাকীৰ ঘৰ, যানবাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাত সদলবলে উপস্থিত হৈ অন্তিম জাননী অৰ্পণ কৰে। আনহাতে অহা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত যানবাহনৰ বকেয়াসহ সকলো কৰ আদায় নিদিলে অতিৰিক্তভাৱে জৰিমনা বিহাৰ লগতে অসম যানবাহন আইন ২০০৩ৰ ১০৯ A ধাৰা মতে বাহনৰ পঞ্জীয়ন বাতিল কৰি স্ক্ৰেপৰ বাবে প্ৰেৰণৰ ভয়ংকৰ তথ্যও সদৰি কৰে।