নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকপথাৰত আলফা (স্বাঃ)ৰ দাবীকৃত ধন নিবলৈ আহি আটক পাইলট অসম

বিশেষ বাৰ্তা, ২১ জুলাই : তিনিচুকীয়াত আলফা(স্বা)ৰ নামত চলিছে ব্যাপক ধন দাবী ৷ তেনে ধন দাবীৰ অভিযোগ পোৱাৰ পাছতে তিনিচুকীয়া আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত আৰু তাৰ পাছতে আজি কাকপথাৰৰ পৰা দাবী কৰা ধন নিবলৈ অহা এজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আলফা (স্বা)ৰ কেপ্তেইন প্ৰজিত অসম ওৰফে পাইলট অসমে দাবী কৰাৰ ধন কাকপথাৰ সৰুমেচাই গাঁৱৰ আত্মসমৰ্পণকাৰী আলফা (স্বা)ৰ সঞ্জয় বৰুৱা ওৰফে কবিৰ অসমে নিবলৈ আহোঁতেই আটক কৰে আৰক্ষীয়ে ৷ ধৃত লোকজনৰ পৰা আৰক্ষীয়ে এটা বেগত ১৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটকাধীন লোকজনক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কায্যালয়লৈ লৈ অহাৰ লগতে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে জানিব দিয়া অনুসৰি, জিলাখনত দুটা ঠাইত তেনেদৰে ধন দাবী কৰাৰ অভিযোগ লাভ কৰা গৈছে আৰু এয়া কেডাৰসকলে ব্যক্তিগতভাৱে ধন দাবী কৰা বুলি সন্দেহ প্ৰকাশ কৰে ৷ ধন দাবী কৰা পত্ৰখন আলফা (স্বা)ৰ কোনো পেইড অথবা ষ্টাম্প ব্যৱহাৰ কৰা নাই, মাথোঁ সাধাৰণভাৱে লিখি প্ৰেৰণ কৰিছে নিজা নামত৷ লগতে আটকাধীন সঞ্জয় বৰুৱা ওৰফে কবিৰ অসমে ২০১৯ চনত আলফা (স্বা)ৰ পৰা ওলাই আহি আত্মসমৰ্পণ কৰিছিল ৷ শেহতীয়াকৈ কেপ্তেইন প্ৰজিত অসম উৰফে পাইলট অসমে সামাজিক মাধ্যমৰ জৰিয়তে, ভিডিঅ ক’ল কৰি ধৃত লোকজনৰ স’তে যোগাযোগ কৰিছিল আৰু ধমকি প্ৰদান কৰি দাবী কৰা ধন কঢ়িয়াই নিবলৈ নিৰ্দেশ দিছিল ৷
প্ৰেৰক বিবেক বড়া
You might also like