নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰু এৰাল দিয়াক লৈ সংঘাত, নাওবৈচাত অৰুণাচলী মহিলাৰ হাতত অপদস্থ অসমীয়া

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ নাওবৈচাৰ অসম-অৰুণাচল সীমান্তৰ ফুলবাৰীত গৰু এৰাল দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাত। জানিব পৰা মতে, গৰু এৰাল দিয়াক কেন্দ্ৰ কৰি কিছুদিন ধৰি চলি থকা বাক-বিতণ্ডাৰ অন্ত পেলাবলৈ দুয়োপক্ষৰ মাজত আয়োজন কৰা হৈছিল আলোচনাৰ। কিন্তু ৰাজহুৱা সভাস্থলীতে প্ৰশান্ত সোণোৱাল নামৰ এগৰাকী ভুক্তভোগী অসমীয়া লোকক হঠাতে এগৰাকী অৰুণাচলী মহিলাই শাৰীৰিকভাৱে অপদস্থ কৰে।

এই ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ক্ষণিক পিছতে পৰিস্থিতি শাম কাটে যদিও ঘটনাটোৱে প্ৰভাৱিত কৰিছে সীমান্তৱৰ্তী অঞ্চলটোৰ লোকসকলক। উল্লেখ্য, লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং ধেমাগো সোণোৱাল গাঁৱত অৰুণাচলী লোকে ভূমি দখল কৰি বসতি স্থাপন কৰে। এনে দখলীকৃত ভূমিতে গৰু এৰাল দিয়াক লৈ সৃষ্টি হয় বাক-বিতণ্ডা।

You might also like