নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক কমলাক্ষক আটক : শিলচৰত আৰক্ষীৰে সংঘৰ্ষ কংগ্ৰেছীৰ

নিয়মীয়া বার্তা, ১১ জুলাই : সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱৰ প্ৰতিবাদ জনাই আজি সন্ধিয়া কংগ্ৰেছৰ প্ৰস্তাবিত টৰ্চ সমদলক ছত্ৰভংগ দিয়াই আৰক্ষীয়ে। আজি ‌শিলচৰ, কৰিমগঞ্জত টৰ্চ সমদল ওলোৱাৰ পিছতেই কৰিমগঞ্জত কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থসহ কাছাৰ জিলাৰ কেইবাজনো নেতা কৰ্মীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। শিলচৰত কংগ্ৰেছৰ প্ৰস্তাবিত টৰ্চ সমদলক কেন্দ্ৰ কৰি কংগ্ৰেছ সমৰ্থক আৰু কাছাৰ জিলা আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষই উত্তেজনা বিয়পি পৰে। জিলা সভাপতি অভিজিৎ পালৰ লগতে কেইবাজনো কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হয়। প্ৰকাশিত সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদত আৰক্ষী আৰু জিলা কংগ্ৰেছ দলৰ মাজত সংঘৰ্ষ সংঘটিত হয়। শেহতীয়াকৈ প্ৰকাশ পোৱা খচৰাখনৰ বিৰুদ্ধে ইতিমধ্যে দলটোৱে বন্ধৰ আহ্বান জনাইছিল। আজি সন্ধিয়া  টৰ্চ সমদল আৰম্ভ হোৱাৰ পূৰ্বেই আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ক্ষুদিৰাম প্ৰতিমূৰ্তিৰ তলত মোতায়েন কৰা হৈছিল বিশাল আৰক্ষী বাহিনী চি আৰ পি এফ আৰু মহিলা আৰক্ষীৰ এক বৃহৎ দল। এইদিনা শিলচৰত সমদল ওলোৱাৰ সময়তে আৰক্ষী বাহিনীয়ে কংগ্ৰেছ সমৰ্থকসকলৰ আগুৰি ধৰে। ইয়াৰ ফলত এটা সময়ত উত্তেজনা বিয়পি পৰিল। পৰৱৰ্তী সময়ত জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালকে ধৰি কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হয়। পিছত পৰিস্থিতি শান্ত হয়।  অৱশ্যে কংগ্ৰেছ নেতাসকলে আন্দোলন অব্যাহত থাকিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইপিনে শিলচৰৰ সৈতে কৰিমগঞ্জ জিলাতো কংগ্ৰেছৰ টৰ্চ সমদলৰ আয়োজন কৰা হয় যদিও আৰক্ষীয়ে কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বেই সকলোকে আটক কৰে। বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ সৈতে কংগ্ৰেছ নেতা কৰ্মীক আটক কৰে আৰক্ষীয়ে।
You might also like