নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫, ২৯  ছেপ্টেম্বৰত তৃতীয়বর্গৰ, ২৭ অক্টোবৰত চতুর্থবর্গৰ পৰীক্ষা

🔹 ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ সময়সূচী ঘোষণা

🔹 ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট

বিশেষ বাৰ্তা, ৩০ আগষ্ট : ৰাজ্যৰ চাকৰিপ্রত্যাশী নিবনুৱা যুৱক–যুৱতীৰ বাবে বহু প্রতীক্ষিত তৃতীয় আৰু চতুর্থবর্গৰ নিযুক্তি পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ লক্ষণীয় যে ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা তৃতীয়বর্গৰ মুঠ ৭,৬০০টা পদ আৰু চতুর্থবর্গৰ ৫,০০০টা পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰৰ পৰা ২৭ অক্টোবৰলৈ কেইবাটাও পর্যায়ত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ৰাজ্যিক পর্যায়ৰ নিযুক্তি আয়োগে জাৰি কৰা সময়সূচী অনুসৰি তৃতীয়বর্গৰ (উচ্চতৰ মাধ্যমিক) নিযুক্তি পৰীক্ষা অহা ১৫ ছেপ্টেম্বৰত দিনৰ ১০.৩০ বজাৰ পৰা ১.৩০ বজালৈ ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব৷ একেদৰে তৃতীয়বর্গৰ (স্নাতক উত্তীর্ণ) আৰু গাড়ীচালক (মেট্রিক উত্তীর্ণ)ৰ পৰীক্ষা ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷ সেইদিনা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পর্যায়ৰ পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ গাড়ীচালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ আনহাতে, অহা ২৭ অক্টোবৰত চতুর্থবর্গৰ দুটা শাখাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ সেইদিনা পুৱা ৯ বজাৰ পৰা দিনৰ ১১.৩০ বজালৈ মেট্রিক তথা আইটিআই উত্তীর্ণৰ নিযুক্তি পৰীক্ষা হোৱাৰ লগতে দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অষ্টম শ্রেণীলৈ উত্তীর্ণৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ এডমিটসমূহ অহা ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা www.assam.gov.in আৰ www.site.sebaonline.org শীর্ষক ৱেবছাইট দুটাৰ পৰা প্রার্থীসকলে ডাউনলোড কৰিব পাৰিব৷ অৱশ্যে পৰৱর্তী সময়ত অনুষ্ঠিত হ’বলগীয়া আন পৰীক্ষাসমূহৰো সময়সূচী সময়ে সময়ে প্রকাশ কৰা হ’ব বুলি আয়োগে জনাইছে৷ পৰীক্ষা দিবলৈ অহা প্রার্থীসকলে এডমিটসহ ফটোসম্বলিত চিনাক্ত–পত্র যেনে– আধাৰ, পান কার্ড অথবা চালকৰ অনুজ্ঞা-পত্র লৈ আহিব লাগিব৷ তদুপৰি এইবেলি পৰীক্ষাত ভুল উত্তৰৰ বাবে নিগেটিভ মার্কিঙৰ ব্যৱস্থা ৰখা হৈছে৷ পৰীক্ষা শেষ হোৱাৰ পাছতে অ’এমআৰ আনছাৰশ্বীটসহ প্রশ্ণকাকত পৰীক্ষকৰ হাতত প্রার্থীসকলে জমা দিয়াৰ লগতে ৮ নং ফর্মত স্বাক্ষৰ কৰি আহিব লাগিব অন্যথা পৰীক্ষার্থীজনক অনুপস্থিত হিচাপে গণ্য কৰা হ’ব বুলি আয়োগে জনাইছে৷ যদিহে কোনো প্রার্থীয়ে আয়োগৰ নিয়মাৱলীসমূহ মানি নচলে তেন্তে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও আয়োগে লগতে জনাইছে৷ উল্লেখ্য যে প্রতীক্ষিত এই নিযুক্তি পৰীক্ষাত তৃতীয়বর্গৰ বাবে প্রায় ১৮,৫০,০০০ পৰীক্ষার্থীয়ে আবেদন কৰাৰ লগতে ১৩,৭০,০০০গৰাকী প্রার্থীয়ে চতুর্থবর্গৰ পদত আবেদন জনাইছে৷

You might also like