নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ আজি ৰাজ্যত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। এই কেবিনেট বৈঠকৰ অন্তত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলত জানিবলৈ যে অহা ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। প্ৰতিটো শ্ৰেণীকোঠাত থাকিব পাৰিব ৩০জনকৈ ছাত্ৰ-ছাত্ৰী। প্ৰয়োজন বৃদ্ধি কৰা হ’ব পাৰে শ্ৰেণীকোঠাৰ শাখাৰ সংখ্যা। পৰ্যায়ক্ৰমে আৰম্ভ হ’ব আন শ্ৰেণীৰো পাঠদান।  লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰতিজন শিক্ষাৰ্থী আৰু শিক্ষকে কভিড বিধি মানি চলিব লাগিব।

উল্লেখ্য যে যোৱা এপ্রিল মাহৰ মাজভাগৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ পৰিপ্রেক্ষিতত যোৱা আগষ্ট মাহলৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান সম্পূর্ণৰূপে বন্ধ হৈ আছিল৷ শেহতীয়াকৈ ৰাজ্যখনত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰে যোৱা এক ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি কৰাৰ লগতে পূর্বৰ বাধ্যবাধকতাসমূহ যথেষ্ট শিথিল কৰি দিয়ে৷ আনকি যোৱা ৬ ছেপ্টেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক–স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ শ্রেণীসমূহৰ পাঠদান প্রক্রিয়াও শিক্ষানুষ্ঠানত আৰম্ভ কৰে৷ এতিয়া চৰকাৰে দশম আৰু একাদশ শ্রেণীৰ পাঠদান শিক্ষানুষ্ঠানত আৰম্ভ কৰিব বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে কৰা মন্তব্যত ছাত্র–ছাত্রী, অভিভাৱকসকলৰ লগতে শিক্ষকসকলো উৎসাহিত হৈ পৰিছে৷

You might also like