নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত চাফাই কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতা

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰৰঃ কাইলৈ গান্ধী জয়ন্তী। এই বিশেষ দিনটোৰ সতে সংগতি ৰাখি আজি আয়োজিত নগৰবেৰা উঃ মাঃ বিদ্যালয়ৰ চাফাই কাৰ্যসূচী আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাই। চৰকাৰী নিৰ্দেশনা মানি নগৰবেৰা উঃ মাঃ বিদ্যালয়ে আয়োজন কৰা আজিৰ এই চাফাই অভিযানত বিদ্যালয়খনৰ অধ্যক্ষ ধনেশ্বৰ দাস, সহঃ শিক্ষক বিজন কুমাৰ দাস, কৃষ্ণ ঠাকুৰীয়া, অজিত কুমাৰ দাস, হেৰাম্ব পাঠক আদি ভালেসংখ্যক শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰীও কাৰ্যসূচীত উপস্থিত থাকে। চাফাই কাৰ্যসূচীৰ সমল ব্যক্তি হিচাপে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয়শংকৰ মেধি, সম্পাদক ভবেশ তালুকদাৰ আদি কেবাগৰাকীকৈ বিশিষ্ট ব্যক্তিও উপস্থিত থাকি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে। চাফাই অভিযানত বিদ্যালয় চৌহদৰ উপৰি খেলপথাৰৰ জাবৰ-জোঁথৰ পৰ্যন্ত থুপাই জ্বলাই দিয়া হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like