নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম যোৰহাটত মোবাইল টাৱাৰত উঠি মানসিক বিকাৰগ্ৰস্তৰ নৃত্য

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : যোৰহাট নগৰৰ পশ্চিম প্ৰান্তৰ  টিলিকিআম বাপুজী পথৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা মোবাইল টাৱাৰত উঠি আজি পুৱা পাঁচ বজাত এজন নিচাসক্ত মানসিক বিকাৰগ্ৰস্ত যুৱকে একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, টিলিকিআম অঞ্চলৰ  ভানু দেৱীৰ পুত্ৰ বিতোপন শৰ্মা (৩১)ক কাহিলি পুৱাতে এটা মোবাইল টাৱাৰত উঠি বহি থকা  প্ৰত্যক্ষ কৰে প্ৰাত:ভ্ৰমণ কৰিবলৈ যোৱা কেইজনমান  যুৱকে। যুৱককেইজনে বিতোপনক টাৱাৰটোৰ পৰা নামি আহিবলৈ অনুৰোধ কৰে যদিও নামি নহাত আৰু টাৱাৰটোত বহি নৃত্য ভংগিমা প্ৰদৰ্শন কৰাত স্থানীয় পুলিবৰ আৰক্ষী আৰু জিলা প্ৰশাসনক  যুৱককেইজনে অৱগত কৰে। আৰক্ষী আৰু  জিলা প্ৰশাসনে এছ ডি আৰ এফৰ জৰিয়তে চাৰি ঘণ্টাৰ অন্তত যুৱকজনক টাৱাৰটোৰ পৰা নমাবলৈ সক্ষম হয়।  নিচাসক্ত আৰু মানসিক বিকাৰগ্ৰস্ত যুৱকজনক চিকিৎসা কৰি থকা হৈছে বুলি পৰিয়াল সূত্ৰে জানিব পৰা গৈছে। টাৱাৰটোত চাৰিওকাষে কোনো বেৰা নথকাৰ বাবেই যুৱকজনে টাৱাৰত উঠিবলৈ সুবিধা পালে বুলি আজি একাংশ স্থানীয় ৰাইজে অভিযোগ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন ঠাইত থকা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ আৰু মোবাইল টাৱাৰসমূহত লোহাৰ বেৰিকেড দি জনসাধাৰণৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ ৰাইজে দাবী জনাইছে।
প্ৰেৰক সঞ্জীৱ হাজৰিকা
You might also like